আপোনাৰ অকণমান আৰ্থিক সহায়ে এটি দৰিদ্ৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাব পাৰে!

যাৱতীয় সা সম্পত্তি, ভেটি মাটি হেৰুওৱাই বৰ্তমান চিকিৎসাৰ অভাৱত মৃত্যুৰ সৈতে যুঁজি আছে বিটিচিৰ কোকৰাঝাৰ জিলাৰ ৫ নং পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ বগৰীবাৰী মহামায়া ভিচিডিছিৰ অন্তৰ্গত ৰাজাপাৰা দ্বিতীয় খণ্ড গাঁৱৰ এটি অতি দৰিদ্ৰ পৰিয়ালৰ তিনি বছৰীয়া কণমানি ছোৱালীজনী, জন্মৰ পিছৰে পৰাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে!

বিটিচিৰ কোকৰাঝাৰ জিলাৰ ৫ নং পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ বগৰীবাৰী মহামায়া ভিচিডিছিৰ অন্তৰ্গত ৰাজাপাৰা দ্বিতীয় খণ্ড গাঁৱৰ অতি দৰিদ্ৰ পৰিযালৰ মুৰব্বী জয়নাল আবেদিনৰ তিনি বছৰীয়া কণমানি ছোৱালী জনী বিগত দুই বছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে!

পৰিয়ালৰ একমাত্ৰ স্বামীয়ে চিকিৎসাৰ বাবে ঘৰৰ সা সম্পতি আনকি ভেটি মাটি পৰ্যন্ত বিক্ৰী কৰি সৰ্বস্বান্ত হৈ এতিয়া কণমানি ছোৱালী জনীক টকাৰ অভাৱত ঘৰতে উজাগৰে নিশা কটাইছে।

অসমৰ ভালে কেইখন চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসা কৰিও কোনো ধৰণৰ সুফল নাপাই কণমানি ছোৱালী জনী বৰ্তমান মৃত্যুৰ সৈতে ছটফটাই আছে। বৰ্তমান কণমানি ছোৱালীজনীক উন্নত চিকিৎসাৰ বাবে অকণমান আৰ্থিক সাহায্যৰ প্ৰয়োজন। উপায়হীন হৈ অতি দৰিদ্ৰ পৰিয়ালটোৱে সংবাদ মাধ্যমৰ জৰিয়তে বিটিচি চীফ হাগ্ৰামা মহিলাৰী, নগৰ উন্নয়ণ বিভাগৰ কাৰ্য্যবাহী সদস্যা মুন মুন ব্ৰহ্মৰ লগতে অসমৰ হৃদয়বান ৰাইজ, দল সংগঠনৰ লগতে ৫ নং পৰ্বতঝোৰা বিধান সভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক যুৱনেতা আশ্ৰাফুল ইছলাম সেখৰ ওচৰত অকণমান আৰ্থিক সাহায্য বিচাৰি আমাৰ সাংবাদিকৰ সাক্ষাৎকাৰত জানিবলৈ দিয়ে।

আপোনালোকৰ অকনমান আৰ্থিক সহায়ে দৰিদ্ৰ পৰিয়ালটোৰ কণমানি ছোৱালীজনী পুনৰ সুস্থ হৈ উঠিব পাৰে। যদি কোনো সদাশয় ব্যক্তিয়ে অকণমান আৰ্থিক সাহায্য প্ৰদান কৰিব বিচাৰিছে তেন্তে তলত দিয়া PHONE PAY NUMBERত দিব পাৰে-6901859116

আপোনালোকৰ অকণমান আৰ্থিক সহায়ে এটি পৰিয়ালৰ মুখত হাঁহি বিৰিঙিব পাৰে!

Related Articles