গুৱাহাটীত মহানগৰীত স্বেচ্ছাসেৱক সভাৰ পূৰ্বেই CJPৰ প্ৰতিনিধিক আটক।
CJPৰ বেনাৰ লৈ অহা ৫ যুৱকক আটক আৰক্ষীৰ।
জনতা ভৱনৰ সন্মুখত প্ৰতিবাদৰ পূৰ্বেই CJPৰ ৫ প্ৰতিনিধিক আটক আৰক্ষীৰ।
মুখ্য নিৰ্বাচনী বিষয়া জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ আহ্বান কৰিছিল CJP অসমে।
আটক ছাহিল, মিণ্টু দাসসহ আন ৩ জনক।
প্ৰশাসনৰ অনুমতি অবিহনে স্বেচ্ছাসেৱক সভাৰ আহ্বান CJPৰ।
CJPৰ সভাক লৈ দিছপুৰত মোতায়েন বিশাল আৰক্ষী-অৰ্ধসামৰিক বাহিনী।
পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল সভাখন।
সভাত অংশগ্ৰহণৰ বাবে ইতিমধ্যে গুৱাহাটীত উপস্থিত CJPৰ কেন্দ্ৰীয় নেতৃত্ব।
সভাত অংশগ্ৰহণৰ কথা আছিল CJPৰ ৰাষ্ট্ৰীয় প্ৰৱক্তা আশুতোষ ৰাংকাৰ।

