‘আমি যেতিয়া আটাইবোৰ নোহোৱা হৈ যাম, নতুন ভাৱ আৰু ভাষাৰে এজাক নতুন মানুহে পিতপিতাই ফুৰিব পৃথিৱীৰ পোতাপিটনিবোৰত, চিনি পাবনে জুবিন গাৰ্গ নামৰ ধাৰণাটোক?’

অন্ত্যেষ্টিক্ৰিয়াৰ বাৰ্ষিকীত জুবিন গাৰ্গৰ মুখাগ্নি কৰা ৰাহুল গৌতম শৰ্মাৰ সামাজিক মাধ্যমত বিশেষ প’ষ্ট। সামাজিক মাধ্যমত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পুত্ৰসদৃশ ৰাহুল গৌতম শৰ্মাই সামাজিক মাধ্যমত উল্লেখ কৰে যে-

‘আমি জ্বলাই দিয়াৰ সময়লৈকে জুবিন গাৰ্গৰ এটা শৰীৰ আছিল৷ সেই শৰীৰটো আমি জ্বলাই দিলোঁ সোণাপুৰত– এণ্ড্‌ দ্য ছাইট্‌ অৱ্‌ জুবিন গাৰ্গ ৱাজ্‌ লষ্ট্‌৷

ৰৈ ৰৈ বিনালেৰ এটা দৃশ্যত অন্ধ নায়কে নায়িকাক তেওঁৰ মাক-দেউতাকৰ মৃত্যুৰ কাহিনী কয়৷ নায়কৰ মনত হাড় কঁপোৱা বেজাৰ– ‘‘মা বহুত সোনকালেই মৰি গ’ল৷ এতিয়াতো মই মন গ’লেও মাৰ ফ’ট’খনো চাব নোৱাৰোঁ৷ কেতিয়াবা ভয় হয়, মই যদি মাৰ, মুখখনেই পাহৰি যাওঁ৷’’ সেই দৃশ্যটো তেতিয়া কিয় তেনেকৈ লিখা হৈছিল, এতিয়া মোৰ মনত নাই৷ কিন্তু এই ভয়টো শিপাই আছে এতিয়াও৷ দৃশ্য এটা অপসৃয়মান বেলিৰ দৰে অদৃশ্য হৈ যোৱাৰ ভয়৷

অথচ মনত আছে জন বাৰ্জাৰক– “We never look at just one thing – we are always looking at the relation between things and ourselves.”

আমি যেতিয়া আটাইবোৰ নোহোৱা হৈ যাম, নতুন ভাৱ আৰু ভাষাৰে এজাক নতুন মানুহে পিতপিতাই ফুৰিব পৃথিৱীৰ পোতাপিটনিবোৰত, চিনি পাবনে জুবিন গাৰ্গ নামৰ ধাৰণাটোক?

জুবিন গাৰ্গে মঞ্চৰ পৰা নিজেই ঘোষণা কৰিছিল– ‘‘তোমালোক যেতিয়া বুঢ়া হ’বা, মোৰ এই গানবোৰে তোমালোকক সেই ৰোমাণ্টিছিজম্‌টো ঘূৰাই দিব৷’’ ধাৰণা হয়, প্ৰজন্মান্তৰৰ সন্ধিক্ষণত নতুন মানুহে এই ৰোমাণ্টিছিজম্‌টোৰ সন্ধান কৰিব৷ কোনোবাইতো কাৰোবাক সঁচাকৈয়ে ভাল পাব৷ প্ৰথম প্ৰথম ভালপোৱাৰ পৰত ফুটা-নুফুটাকৈ গুণগুণাব– ‘তুমি চোৱা যেতিয়া দুচকু তুলি, মোৰ আকাশ ভাঙি নামে বিজুলী, ৰ’দে হাঁহে, ফুল ফুলে, কথা ক’লে, তুমি চুলেই যে বসন্ত, ধুমুহাও যে প্ৰশান্ত, তোমাৰ মাজতে দিগন্ত, সৃষ্টিৰ অপৰূপ অনন্ত৷’’ কোনোবা প্ৰেমিকে কাতৰ কণ্ঠেৰে নিশ্চয় ক’ব বিচাৰিব প্ৰেয়সীক– ‘মোৰ পৃথিৱী যেন চিৰনতুন তুমি এষাৰ মাত দিলে৷’

জুবিন গাৰ্গ এটা উন্মাদনা, যি উন্মাদনাই আমাৰ বিষণ্ণতাক বলীয়া হোৱাৰ পৰা ৰক্ষা কৰি থাকে– the insanity that keeps us sane at the state of ennui.

বহু যুগৰ পাছতো কোনোবা এজন বিষণ্ণ, ব্যৰ্থ, বিফল যুৱক থাকিব৷ সৰ্বস্বান্ত পৰিপাশ্বৰ্ৰ মাজতো সেই যুৱকে এদিন দুহাতত হেঁপাহৰ ডেউকা আঁৰি মাজনিশা চিঞৰি উঠিব– ‘‘মন যায়, বহুত মন যায়৷’’ মায়াবিনী কিমান দিনলৈ প্ৰাৰ্থনা হৈ থাকে সেয়া নাজানো৷ কিন্তু বহু যুগৰ পাছতো কোনোবা হোষ্টেলত অথবা একুৰা জুইৰ কাষত, আড়ষ্টতাৰ ঢাপে ঢাপে বগুৱা বাই যেতিয়া কোনো উদ্দেশ্যহীন আঙুলিয়ে চুই যাব ই মাইনৰ্‌-ডি-চি-বি ছেভেন্‌– তাত থাকিব জুবিন গাৰ্গ, তাতেই থাকিব– lesser than him, but greater…’

Related Articles