বিশ্ব দৰবাৰত জিলিকিছে আন এগৰাকী অসম নন্দিনী। আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া মিছেছ ইউনিভাৰ্ছ ইউ এছ এ ২০২৭ ৰ চূড়ান্ত পৰ্যায়ত স্থান লাভ কৰিছে অসমৰ অনামিকা মেধিয়ে। এই সৌন্দৰ্য প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফিনালে আজি আৰু কাইলৈ অৰ্থাৎ ১০ আৰু ১১ ছেপ্টেম্বৰত নিউজাৰ্চিত অনুষ্ঠিত হ’ব।
বিশ্বৰ আগশাৰীৰ সৌন্দৰ্য প্ৰতিযোগিতাখনৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশৰ পাছতে অসমবাসীৰ আশীৰ্বাদ আৰু সহায় কামনা কৰিছে নগাঁৱৰ জীয়ৰী আৰু ওদালগুৰি জিলাৰ বোৱাৰী অনামিকাই। প্ৰতিযোগিতাখনৰ পপুলাৰ এৱাৰ্ড শাখাৰ বাবে ৰাইজৰ ভোট আৰু সমৰ্থন বিচাৰিছে ব্ৰেইন আৰু বিউটীৰে জিলিকি উঠা অনামিকাই।
প্ৰতিযোগিতাখনৰ ভোটিং লিংক অনামিকাৰ ইনষ্টাগ্ৰাম প্ৰফাইলৰ বায়ʼত (ইনষ্টাগ্ৰাম হেণ্ডেল: @medhi_ana উপলব্ধ হৈছে। অসমবাসী আৰু প্ৰবাসী অসমীয়াক ভোটদান কৰি তেওঁক সহায় কৰিবলৈ অনামিকাই আহ্বান জনাইছে।

