Breaking

আমেৰিকাৰ চোৰাংচোৱাই চলালে অনুসন্ধান মানৱ সৃষ্ট নহয় ক’ৰ’ণা ভাইৰাছ

0 56

অনলাইন বাৰ্তা, ১ মেঃ চীনৰ উহানৰ পৰীক্ষাগাৰত ক’ৰ’ণা ভাইৰাছ সৃষ্টি হৈছে বুলি আলোচনা হৈছিল৷ এইবাৰ ইয়াক নস্যাৎ কৰিছে স্বয়ং আমেৰিকাৰ চোৰাংচোৱা বিভাগে৷ এই ভাইৰাছ মানৱ সৃষ্ট নহয় বুলি জনাইছে৷ এক বিবৃতিত আমেৰিকাৰ ডিৰেক্টৰ অব নেচনেল ইণ্টেলিজেঞ্চে জনাইছে, দেশৰ সকলো চোৰাংচোৱা বিভাগে পৰিস্থিতিৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি আছে৷ বিজ্ঞানসন্মতভাৱে ভাইৰাছটোক লৈ তথ্য সংগ্ৰহ কৰাৰ পাছত জানিব পৰা গৈছে ক’ভিড-১৯ মানুহৰ দ্বাৰা সৃষ্ট নহয় বা জিনগতভাৱে কোনো পৰিবৰ্তন ঘটোৱা হোৱা নাই৷ সমগ্ৰ বিশ্ব সংক্ৰমণ হোৱাৰ পাছত চীনৰ বিৰুদ্ধে অভিযোগৰ আঙুলি টোৱাইছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে৷ ইয়াৰ কাৰণে চীনক ক্ষতিপূৰণ দিবলৈ হুংকাৰ দিছিল৷ ট্ৰাম্পৰ সেই বক্তব্যৰ কেইঘণ্টামানৰ পাছতে মাৰ্কিন চোৰাংচোৱা বিভাগে এনে তথ্য তুলি ধৰে৷ উল্লেখ্য যে যোৱা সোমবাৰে ট্ৰাম্পে কৈছিল, বেইজিঙে ভাইৰাছটোকলৈ তথ্য গোপন কৰিছে৷ ফলত সমগ্ৰ বিশ্বত ৩২ লাখ মানুহ আক্ৰান্ত হৈছে৷ মৃত্যু হৈছে ২ লাখ ২৭ হাজাৰ মানুহ৷ ইয়াৰ বাবে সম্পূৰ্ণ দায়ী চীন৷ ক’ৰ’ণা সংক্ৰমণ হোৱাৰ লগে লগে আলোচনা হৈছিল ভাইৰাছটো মানৱ সৃষ্ট৷ যোৱা ৮ এপ্ৰিলত প্ৰকাশিত পিউ ৰিচাৰ্চ চেণ্টাৰৰ এক সমীক্ষাত দেখা গৈছিল, ২৯ শতাংশ মাৰ্কিন নাগৰিকে বিশ্বাস কৰে ভাইৰাছটো পৰীক্ষাগাৰত তৈয়াৰ কৰা হৈছিল৷ কিন্তু সেই দাবীৰ কোনো প্ৰমাণ এই পৰ্যন্ত পোৱা নাই৷ তাৰ পাছত বৃহস্পতিবাৰে আমেৰিকাৰ অফিচ অব দ্য ডিৰেক্টৰ অব নেচনেল ইণ্টেলিজেঞ্চে জনায়, মাৰ্কিন চোৰাংচোৱা সংস্থাবোৰে অত দিন ধৰি তদন্ত কৰি এই সিদ্ধান্তলৈ আহিছি যে ক’ৰ’ণা ভাইৰাছ মানুহে তৈয়াৰ কৰা নহয় বা জিনগতভাৱে ইয়াৰ কোনো পৰিবৰ্তন ঘটোৱা হোৱা নাই৷ ভৱিষ্যতে চোৰাংচোৱাই এই ভাইৰাছৰ উৎস লৈ তদন্ত কৰি যাব বুলি জনাইছে৷

Leave A Reply