ইৰাণৰ প্ৰাক্তন সৰ্বোচ্ছ নেতা খামেনেইৰ অন্ত্যোষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই৷ ইৰাণৰ প্ৰাক্তন সৰ্বোচ্ছ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যোষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ ভাৰত চৰকাৰে এক উচ্ছস্তৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিব৷ চৰকাৰী সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি, এই অনুষ্ঠানত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দ৫১১ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল অৱসৰপ্ৰাপ্ত ছৈয়দ আতা হাছমাইন উপস্থিত থাকিব৷ যোৱা সপ্তাহত ইৰাণৰ ৰাষ্ট্ৰপতি মাছউদ পেজেশকিয়ানে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো এই অন্তে্যষ্টিক্ৰিয়াত অংশ ল’বলৈ আমন্ত্ৰণ জানাইছিল৷
অহা ৪ জুলাইৰ পৰা এই অন্তে্যষ্টিক্ৰিয়াৰ ধৰ্মীয় ৰীতি-নীতিসমূহ আৰম্ভ হ’ব আৰু ৯ জুলাইত উত্তৰ-পূব ইৰাণৰ পৱিত্ৰ চহৰ মাশ্বহাদত তেওঁৰ মৃতদেহ সমাধিস্থ কৰাৰ পিছত ইয়াৰ সমাপ্তি ঘটিব৷ খামেনেইৰ জন্ম এই মাশ্বহাদ চহৰতে হৈছিল৷ যোৱা ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখে ইৰাণৰ ৰাজধানী তেহৰাণত ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই চলোৱা বিমান আক্ৰমণৰ প্ৰথম দিনটোতে ৮৬বছৰীয়া খামেনেই নিহত হৈছিল৷ তেওঁ সুদীৰ্ঘ ৩৬ বছৰ ধৰি ইছলামিক ৰিপাব্লিক ইৰাণৰ সৰ্বোচ্ছ নেতা হিচাপে দেশখন পৰিচালনা কৰি আছিল৷ ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে জনোৱা মতে, অন্তে্যষ্টিক্ৰিয়াৰ কাৰ্যসূচীত জ্জ জুলাইত তেহৰাণৰ দক্ষিণে থকা আন এখন পৱিত্ৰ চহৰ কোমতো বিশেষ ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হ’ব৷ খামেনেইৰ মৃত্যুৰ পিছৰে পৰা তেওঁৰ অন্তে্যষ্টিক্ৰিয়াৰ তাৰিখক লৈ বহুত জল্পনা-কল্পনা চলি আছিল৷
ইছলামিক নিয়ম অনুসৰি মৃতদেহ যিমান পাৰি সোনকালে সমাধিস্থ কৰিব লাগে যদিও যুদ্ধৰ পৰিস্থিতিৰ বাবে এইক্ষেত্ৰত কিছু ৰেহাই দিয়া হৈছে৷ এই অন্তে্যষ্টিক্ৰিয়াত তেহৰাণ, মাশ্বহাদ আৰু কোম চহৰত প্ৰায় দুই কোটি শোকাকুল জনসাধাৰণ একত্ৰিত হোৱাৰ সম্ভাৱনা আছে৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফকে ধৰি বহুতো আন্তঃৰাষ্ট্ৰীয় নেতাও ইয়াত উপস্থিত থকাৰ কথা আছে৷ যদিহে এই জনসমাগম সঁচাকৈয়ে হয়, তেন্তে ই ১৯৮৯ চনত ইৰাণৰ প্ৰতিষ্ঠাপক আয়াতুল্লাহ ৰূহুল্লাহ খোমেইনীৰ অন্তে্যষ্টিক্ৰিয়াত হোৱা এক কোটি লোকৰ সমাৱেশকো চেৰ পেলাব পাৰে বুলি বহুতে মন্তব্য কৰিছে৷

