উজনিত জলপ্ৰলয়ঃ প্ৰবল বানৰ কবলত পৰিছে শিৱসাগৰ, যোৰহাটৰ শতাধিক গাঁও

শিৱসাগৰৰ বিস্তীৰ্ণ এলেকাত ভয়ংকৰ বান। দিখৌ আৰু জাঁজী নৈৰ সংহাৰী ৰূপ শিৱসাগৰত। প্ৰবল বানৰ কবলত পৰিছে শতাধিক গাঁও। নিশা বানপানীত বুৰিল সোণাৰি নগৰ, হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি। আজি শিৱসাগৰৰ চেৰেকাপৰাত মন্ত্ৰী বিমল বৰা উপস্থিত হয়। বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিভাগীয় বিষয়াসকলৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে।
আনহাতে শিৱসাগৰৰ শিমলুগুৰিত বানৰ প্ৰকোপত ছিগিল ৰে’লপথ। ব্যাহত ৰে’ল যোগাযোগ, ৰে’ল আলিৰ ওপৰেৰে বাগৰিছে পানী। যিকোনো মুহূৰ্ততে ৰে’ললাইন সম্পূৰ্ণৰূপে জাহ যাব পাৰে দিখৌ নদীত। নেৰানেপেৰা বৰষুণত এতিয়া উজনিত সৃষ্টি হৈছে জলপ্ৰলয়ৰ। নাজিৰা, আমগুৰি, যোৰহাট, সোণাৰিত প্ৰৱল বান। বিপদসীমাৰ ওপৰেৰে বৈছে জাঁজী, দিখৌ।

যোৰহাটতো ছিগিল ভোগদৈ নৈৰ মথাউৰি। যোৰহাটত ভোগদৈ নৈৰ বাঢ়নী পানীৰ তাণ্ডৱ। বন্ধ কৰি দিয়া হৈছে বড়িগাঁৱৰ মূল পথ। জিলাখনত ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি। উজনিৰ ভয়াৱহ বানৰ বাবে বাতিল কেইবাখনো ৰে’লৰ চলাচল। সলনি কৰা হৈছে গতিপথ।

Related Articles