অসমৰ ঐতিহাসিক কীৰ্তিচিহ্ন, প্ৰত্নতাত্ত্বিক সম্পদ আৰু চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত অহা ১৯ৰ পৰা ২৫ নৱেম্বৰলৈ ৰাজ্যজুৰি বিশ্ব ঐতিহ্য সপ্তাহ উদযাপন কৰা হ’ব। এই উপলক্ষে সপ্তাহজোৰা কাৰ্যসূচীৰ ৰাজ্যিক পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠান অহা ১৯ নৱেম্বৰত উত্তৰ গুৱাহাটীৰ ঐতিহাসিক শ্ৰী শ্ৰী ৰুদ্ৰেশ্বৰ দেৱালয় প্ৰাংগণত পুৱা ১১ বজাত অনুষ্ঠিত হ’ব।
অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কৰা ঐতিহাসিক ৰুদ্ৰেশ্বৰ দেৱালয়খন আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। উল্লেখযোগ্য যে আহোম যুগৰ ঐতিহাসিক স্থাপত্যৰ অন্যতম নিদৰ্শন এই ৰুদ্ৰেশ্বৰ দেৱালয় ১৭৪৯ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই তেওঁৰ পিতৃ স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ স্মৃতিত নিৰ্মাণ কৰাইছিল।
আহোম আৰু মোগল স্থাপত্যশৈলীৰ সংমিশ্ৰণেৰে নিৰ্মিত এই দেৱালয়খন অসমৰ ধৰ্মীয়, ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ সম্পদ। বিশ্ব ঐতিহ্য সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঐতিহাসিক কীৰ্তিচিহ্ন আৰু প্ৰত্নতাত্ত্বিক স্থানত বিভিন্ন সজাগতামূলক আৰু শিক্ষামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। বিশেষকৈ নতুন প্ৰজন্মৰ মাজত ঐতিহ্য সংৰক্ষণৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লগতে অসমৰ গৌৰৱোজ্জ্বল ইতিহাস আৰু সংস্কৃতিক জনসাধাৰণৰ মাজলৈ লৈ যোৱাত গুৰুত্ব প্ৰদান কৰা হ’ব।
এই সন্দৰ্ভত অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালক নৱজিৎ দেউৰীয়ে জানিবলৈ দিয়ে যে ঐতিহাসিক ৰুদ্ৰেশ্বৰ দেৱালয়ত বিশ্ব ঐতিহ্য সপ্তাহৰ ৰাজ্যিক উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হোৱাটো উত্তৰ গুৱাহাটীৰ লগতে সমগ্ৰ অঞ্চলবাসীৰ বাবে এক বিশেষ গৌৰৱৰ বিষয়। দীৰ্ঘদিনীয়া ঐতিহাসিক ঐতিহ্য বহন কৰা দেৱালয়খনৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰে অসমৰ ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।

