উত্তৰ গুৱাহাটী আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা শুভাৰম্ভ

উত্তৰ গুৱাহাটী অগ্ৰণী শিক্ষানুষ্ঠান আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ প্ৰশাসন আৰু ।আয়োজক জণকল্যাণ ছ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ সহযোগত বিধান সভা সমষ্টি ভিত্তিত ১৫ দিনীয়া গ্ৰীষ্মকালীন আজিৰে পৰা আৰম্ভ হৈছে। আজি এই কৰ্মশালা খনি ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা,সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু গণশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে উত্তৰ গুৱাহাটী সতদল সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল বৰাই। আয়োজক জণকল্যাণ ছ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ সভাপতি কুমুদ নাথে আদৰণি ভাষণ প্ৰদান কৰা কৰ্মশালাৰ উদ্দেশ্য ব্যাখ্যা কৰে । জণকল্যাণ ছ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ সাধাৰণ সম্পাদক দীপ কান্ত পাঠকে।


আজিৰে পৰা আৰম্ভ হোৱা আৰু অহা ২আগষ্টত সামৰণি পৰিবলগীয়া ১৫ দিনীয়া এই কৰ্মশালাত বিশেষকৈ জ্যেতি,ৰাভা, ভূপেন্দ্ৰ সংগীতৰ লগতে লোকগীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। কৰ্মশালাখনত সংগীত শুদ্ধ কৈ উচ্চাৰণ কৰি শুদ্ধ কৈ পৰিবেশন কৰাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।আজিৰ উদ্বোধনী অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলৰ লগতে শিক্ষাৰ্থী সকলক জ্যোতি সংগীতৰ প্ৰশিক্ষণ প্ৰদান কৰে বিশিষ্ট কণ্ঠশিল্পী চিল্কা চমুৱা বায়নে। কৰ্মশালাখনত গীত প্ৰশিক্ষণ প্ৰদান কৰিব কণ্ঠশিল্পী চিল্কা চমুৱা বায়ন আৰু কণ্ঠশিল্পী প্ৰাণজিতা কৃষ্ণা তামুলীয়ে। আজি উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ পৰ্য্যবেক্ষক ৰঞ্জন ভট্টাচাৰ্য্য, ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ পিংকু মণি চৌধুৰী,বিশিষ্ট বাদ্যযন্ত্ৰী শিল্পী হেমন্ত বড়া, জনকল্যাণ ছ’ছাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ ক্ৰীড়া আৰু সাংস্কৃতিক সম্পাদক বিজয়ানন্দ শৰ্মা বৰুৱা, সাংবাদিক দ্বয় ক্ৰমে উৎপল তামুলী আৰু ৰূপক ডেকাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related Articles