উত্তৰ গুৱাহাটী ৰুদ্ৰেশ্বৰ দেৱালয়ত বিশ্ব ঐতিহ্য সপ্তাহ, ২০২৬ৰ আৰম্ভণি অনুষ্ঠান। প্ৰত্নতত্ব সঞ্চালকালয়,অসম খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ, কামৰূপ জিলা প্ৰশাসন আৰু উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হয় এই অনুষ্ঠান । ১৯ নৱেম্বৰ পৰা ২৫ নবেম্বৰলৈ অসমত বিভিন্ন স্থানত অনুষ্ঠিত হব এই বিশ্ব ঐতিহ্য সপ্তাহ, ২০২৬ । উত্তৰ গুৱাহাটীৰ ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক ৰুদ্ৰেশ্বৰ দেৱালয়ৰ এই আৰম্ভণি অনুষ্ঠানৰ পিছতে অহা ২১ নৱেম্বৰত বৰদোৱাত আৰু ২৫ নৱেম্বৰৰ সামৰণি অনুষ্ঠান চৰাইদেউত অনুষ্ঠিত হ’ব। মুঠ ২ কোটি ৩৩ লাখ টকা ব্যয় সাপেক্ষে সংৰক্ষণ আৰু সংবৰ্ধনৰ লক্ষ্যৰে পুন: নিৰ্মাণ কৰা এই দেৱালয় খনি পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা। অসমৰ ঐতিহ্যমণ্ডিত আৰু প্ৰত্নতাত্বিক স্থান সমূহ নিৰ্বাচন কৰি তাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ব্যৱস্থা কৰাই বিশ্ব ঐতিহ্য সপ্তাহ উদযাপনৰ মূল লক্ষ্য।
আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই অসমৰ পশ্চিমৰ সীমা কৰতোৱা নদীলৈকে আগুৱাই নিয়াৰ উদ্দেশ্যেৰে ১০ হাজাৰ আহোম সেনা লৈ উত্তৰ গুৱাহাটীৰ এই স্থানতে বাহৰ পাতিছিল । কিন্তু স্বৰ্গদেউ ৰুদ্ৰসিংহ নৰিয়াত পৰি মৃ্ত্যু হোৱাত তেওঁৰ পুত্ৰ প্ৰমত্ত সিংহই এই স্থানত পিতৃৰ স্মৃতি ১৭৪৯ খ্ৰীষ্টাব্দত এই ৰুদ্ৰেশ্বৰ দেৱালয় খন নিৰ্মাণ কৰে ।অনুষ্ঠানত এই মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড° চন্দন শৰ্মাৰ লগতে বিধায়ক দিগন্ত কলিতা, প্ৰকাশ দাস, কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সঞ্চালিকা সুজাতা সুচিব্ৰতা আৰু প্ৰত্নতাত্বিক বিভাগৰ সঞ্চালক নৱজিত দেউৰী উপস্থিত থাকে।

