আজি পৱিত্ৰ ঈদ উল আজহা। সমগ্ৰ বিশ্ব আৰু অসমৰ লগতে তেজপুৰতো ইছলাম ধৰ্মাৱলম্বী লোক সকলে উলহ মালহেৰে ত্যাগ আৰু আস্থাৰ পৱিত্ৰ উৎসৱ ঈদ উল আজহা উদযাপন কৰে। ৰাতিপুৱা ৮.৩০ বজাত তেজপুৰ ঈদগাহত তেজপুৰ বড় মছজিদৰ পেছ ইমাম হাফিজ শ্বেইখ ছাদী আমিৰীৰ ইমামতি ঈদ উল আজহাৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়।
তেজপুৰ ঈদগাহত তেজপুৰ চহৰৰ লগতে শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ কেইবা শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকে ঈদ উল আজহাৰ সমূহীয়া নামাজ আদায় কৰি বিশ্ব শান্তিৰ বাবে দোৱা কৰে। ইফালে তেজপুৰ চহৰৰ নিকটৱৰ্তী গোটলং ঈদগাহত পৱিত্ৰ ঈদ উল আজহাৰ সমূহীয়া নামাজ গোটলং বড় মছজিদৰ পেছ ইমাম হাফিজ কাৰী মৌলানা জাকিৰ হুছেইনৰ ইমামতিত গোটলং গাঁৱৰ ৰাইজে পৱিত্ৰ ঈদ উল আজহাৰ সমূহীয়া নামাজ আদায় কৰে।

