এইবাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’বঃ মীৰা বৰঠাকুৰ

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে আজি নগাঁও জিলা কংগ্ৰেছ ভৱনত দলটোৰ নেতৃত্বই এক সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদমেল সম্বোধন কৰি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে কয়- বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই থৰকাছুটি হেৰুৱাইছে৷ এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ গাদীচু্যত হোৱাটো প্ৰায় খাটাং৷ গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিত৷ পশ্চিমবংগৰ নিৰ্বাচন আজি শেষ হোৱাৰ লগে লগে এক্সিট প’ল আৰম্ভ হৈ গ’ল৷ গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছ মিত্ৰদলৰ চৰকাৰ হ’ব৷ ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ সন্মুখত লগতে আৰু কয় যে কিছু কিছু ঠাইত এজেণ্টসকলৰ হ’বও পাৰে, নহ’বও পাৰে আমি ইলেকচন কমিছনক কৈ থোবাটো ভাল যে ভেণ্ডৰ হিচাপেও বোলে কিছুমান লোকক ক’ৰবাত ক’ৰবাত কাউণ্টিঙত সোমোৱাৰ পৰিকল্পনা কৰা বুলি আমি উমান পাইছো৷ গতিকে তেওঁলোকে এতিয়া ছাঁটোকে বাঘটো দেখিছে ৷

যি কোনো ক্ষেত্ৰতে ৰাইজে দিয়া ভোটতো আমি গণি ল’বলৈ প্ৰস্তুত৷ কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ’ব৷ সংবাদ মেলত উপস্থিত সাংবাদিকক উদ্দেশ্যি তেওঁ আৰু কয়- আজি ২৯ এপ্ৰিল৷ আপোনালোকে চাব আমাৰ কথা হয়নে নহয়৷ ঠিক এক্সিট প’ল আৰম্ভ হোবাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাই ভয়ত কিছুমান পক্ষ লৈ এনে এটা পৰিৱেশৰ সৃষ্টি কৰিব যেন তেওঁ জিকিলে আচলতে যিটো কথা সত্য নহয়৷ তেওঁ লগতে আৰু কয় যে নগাঁৱত মোৰ এনে কিছু পুৰণি অভিজ্ঞতা আছে যে কাউণ্টিঙৰ দিনা দিনৰ ঠিক ১২মান বজাতে এনেকুৱা কিছুমান কথা-বতৰা হ’ব যে অমুক জিকিল তমুক হাৰিল ইত্যাদি ইত্যাদি কথাবোৰ৷ য’ত আমাৰ তিনি-চাৰি ৰাউণ্ড গণনা হওঁতেই এনে কিছুমান কথা-বতৰা উলিয়াব৷ গতিকে আমি সশ্ৰম হৈ থাকিব লাগিব আৰু যাতে বিষয়াসকলো যাতে নিৰপেক্ষ হৈ থাকে তেওঁলোকৰ মনোবল যাতে নাভাঙে এইক্ষেত্ৰত আমি সকলোকে সহায় কৰিব লাগিব৷ আজি দিনৰ ৰ বজাত নগাঁও জিলা কংগ্ৰেছ ভৱনত আয়োজিত সংবাদ মেলত উপস্থিত থাকি কংগ্ৰেছ নেত্ৰী তথা দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে কয়- এইবাৰ অসমত কংগ্ৰেছৰ চৰকাৰ হ’ব আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’ব৷

হিমন্ত বিশ্ব শৰ্মা এইবাৰ গাদীচু্যত হোৱাটো খাটাং৷ সেই বাবে অতি নিম্ন মানৰ ৰাজনীতি কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাৰ বাবে পৰিয়ালৰ লোকে একেলগে টি ভি চাব নোৱৰা হৈছে ৷ কোন সময়ত কি কথা কৈ দিয়ে তাৰ ঠিক নাই৷ আজি আমি নগাঁৱত আহি আটাইকেইটা ষ্টং ৰূম চালো৷ অহা চ্ছ্ৰ তাৰিখে ভোট গণনা আৰম্ভ হ’ব৷ এইবাৰ কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন হ’ব৷ যোৱা উপ-নিৰ্বাচনত চামগুৰি সমষ্টিৰ প্ৰাৰ্থী তানজিল হুছেইনৰ ভোট গণনাৰ সময়ত তেওঁলোকে দিনৰ বাৰ মান বজাতে ফটকা ফুটাই আমাৰ কাউণ্টিং এজেণ্টসকলক বিভ্ৰান্ত কৰিবৰ বাবে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছিল৷ এইবাৰ যাতে তেনেকুৱা নহয় সেই বাবে আমি আমাৰ এজেণ্টসকলক আজি লগ পাই এইক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ আহ৩ান জনাওঁ৷ আজিৰ এই সংবাদ মেলত কংগ্ৰেছ নেত্ৰী শিৱামণি বৰা, নুৰুল হুদা, জিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুণুমণি বৰা, ৰাজেন গোহাঁই, ডাঃ দুল্লৰ্ভ চমুৱা, উৎপল বণিয়া, তানজিল হুছেইন, মৃণাল হাজৰিকা, বিৰিঞ্চি বৰাকে প্ৰমুখ্য কৰি বহুকেইজন কংগ্ৰেছ দলৰ বিষয়ববীয়া উপস্থিত থাকে৷

Related Articles