Breaking

একে দিনাই পাঁচখনকৈ “অমৃত সৰোবৰ” আচনিৰ শুভ উদ্বোধন, কিন্তু ক’ত?

0 250

তিনিখন পঞ্চায়তৰ অধীনস্থ পাঁচখনকৈ ঠাইত শুভ উদ্বোধন কৰে এই আচনি

    ধুবুৰী জিলাৰ চাপৰ শালকোচা উন্নয়ন খণ্ডৰ অন্তৰ্গত তিনিখন গাওঁ পঞ্চায়তত পাঁচখনকৈ অমৃত সৰোবৰ আঁচনিৰ শুভাৰম্ভ কৰে ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীয়ে। অমৃত সৰোবৰ আঁচনিৰ জৰিয়তে মৎস্য উৎপাদন কৰাৰ উপৰি পানী সংৰক্ষণৰ উদ্দেশ্যেৰে এই আচঁনিৰ ৰূপায়ন কৰে বুলি জানিব পৰা যায়। এই আচঁনিৰ জৰিয়তে প্ৰত্যেক ভাবে স্বাবলম্বী হব মহিলা সকল । ইয়াৰ উপৰিও উক্ত আঁচনিৰ জৰিয়তে পুখুৰীৰ চাৰিওপিনে ফলমুলৰ গছ গছনি ৰোপন কৰিব। এই আচঁনি নিয়ম অনুযায়ী প্ৰথম বৰ্ষত চৰকাৰে তদাৰক কৰিব পিছলৈ আত্ম সহায়ক গোটৰ মহিলা  সকলে ইয়াৰ দায়িত্ব লাভ কৰিব। যত মহিলা গোট সম্পূৰ্ণ চোৱা-চিতা কৰাৰ নিজৰ ধনেৰে মৎস্য উৎপাদন কৰিব আৰু লাভৰ অংশৰ ৭৫% আত্ম সহায়ক মহিলা গোট সকলে লাভ কৰাৰ বিপৰীতে লাভৰ ২৫% গাওঁ পঞ্চায়তত দিব লাগিব । ধুবুৰী জিলাত সৰ্বমুঠ ৮৩ খন ঠাইত এই আচঁনি ৰূপায়ন হ'ব বুলি জানিব পৰা যায়।
Leave A Reply