এক লাখ টন থলুৱা মাছৰ উৎপাদনেৰে নিবনুৱা সংস্থাপনৰ লক্ষ্য বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ

নলবাৰী জিলাৰ মুকালমুৱাৰ মেৰুৱাট্ৰাৰীত আজি অসম চৰকাৰৰ পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰী নীলিমা দেৱী উপস্থিত হৈ “মাঁ একুৱা ফিছ ফাৰ্ম”ৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। অসম চৰকাৰৰ নৱনিযুক্ত মন্ত্ৰী নীলিমা দেৱীয়ে ফাৰ্মখনৰ শুভ উদ্ধোধন কৰি কয় যে খুউব কম সংখ্যক লোকেহে এনেকুৱা ধৰণৰ কাম কৰি আছে। বৈজ্ঞানিক ভিত্তিত থলুৱা মাছৰ উৎপাদন বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে আৰু নিবনুৱা সংস্থাপনৰ লক্ষ্যৰে কৰা এই কামক শুভেচ্ছা জনায় মন্ত্ৰীগৰাকীয়ে কয় যে এনেবোৰ কামত ৰাইজৰ আগ্ৰহৰ প্ৰয়োজন আছে। মই সকলোকে আহ্বান জনাইছোঁ এইবোৰ কাম কৰিবলৈ সকলোৱে আগুৱাই আহক। এইবোৰ কামেৰে নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আনকো যোগান ধৰি স্বাৱলম্বী হোৱাৰ উপৰিও চৰকাৰখনকো কিছু পৰিমাণে অৰ্থনৈতিকভাৱে সহায় কৰিব পাৰে। নলবাৰীৰ লগতে অসমতো সম্ভাৱনা যথেষ্ট পৰিমাণে আছে বুলি মন্তব্য কৰি অসমৰ বেছিভাগ বিল, জলাশয়বোৰ পৰিত্যক্ত অৱস্থাত থকাৰ কথা কৈ এই বিষয়ে বিভাগীয় বিষয়াৰ লগত আলোচনা কৰি উৎপাদনমুখী কামত খটুৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও অৱগত কৰে।

থলুৱা উৎপাদিত মাছবোৰ আমি নিজে খোৱাৰ উপৰিও বাহিৰলৈও পঠাব পাৰিম বুলিও আশা ব্যক্ত কৰে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে গ্ৰাম্য অৰ্থনীতিক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আৰু স্থানীয় যুৱক যুৱতীসকলৰ সংস্থাপনৰ বাবে আৰম্ভ কৰা ফাৰ্মখনৰ উদ্বোধনী সভাত উপস্থিত থাকে অসম চৰকাৰৰ মীন বিভাগৰ সঞ্চালক গৌৰীশংকৰ দাস, প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ ৰাজ্যিক নডেল বিষয়া ড’ চন্দন ছেত্ৰী, নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ গীতুমণি বৈশ্য, নলবাৰী জিলা মীন উন্নয়ন বিষয়া পবিত্ৰ তালুকদাৰ, বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া নিশিনাথ শৰ্মা, কামৰূপ জিলা মীন উন্নয়ন বিষয়া ড’ সঞ্জয় শৰ্মাৰ লগতে ভালেমান বিভাগীয় বিষয়া উপস্থিত থাকে।

আনহাতে,বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই কয় যে মৎস্য উৎপাদনৰ ক্ষেত্ৰত আমি বৰক্ষেত্ৰীবাসীয়ে ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা আৰু বৰক্ষেত্ৰীৰ যুৱক যুৱতীসকলক কিছু পৰিমাণে সংস্থাপন দিয়াৰ উদ্দেশ্যে এই প্ৰকল্পটো আৰম্ভ কৰা হৈছে। থলুৱা মাছবোৰ লুপ্তপ্ৰায় হৈ পৰিছে, এই মাছবোৰ সংৰক্ষণ আৰু উৎপাদনক আমি বেছি অগ্ৰাধিকাৰ দিছোঁ। এই প্ৰকল্পটোৰ জৰিয়তে কেইবাগৰাকীও নিবনুৱা যুৱক- যুৱতীৰ সংস্থাপনৰ বাট মুকলি হ’ব। উল্লেখ্য যে “পি এম এছ ৱাই” আঁচনিৰ অধীনত বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ তত্বাৱধানত শিঙি,শ’ল, পাভ, শিঙৰা আদি থলুৱা মাছৰ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ আৰু উৎপাদন বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে এই ফাৰ্মখনৰ শুভাৰম্ভ কৰা হৈছে।

Related Articles