অসমত তৃতীয়বাৰৰ বাবে এনডিএ o.৩ চৰকাৰে শপতগ্ৰহণ কৰে৷ একেদৰে দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লয় হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত লোৱাৰ পিছত বুধবাৰে প্ৰথমটো কাৰ্যসূচী হিচাপে গুৱাহাটীৰ শিলপুখুৰীত থকা ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধি ক্ষেত্ৰত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা৷ চাৰিগৰাকী মন্ত্ৰীক লগত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়– ‘কালি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই শপতগ্ৰহণ কৰোঁ৷ লগতে চাৰিগৰাকী মন্ত্ৰীয়েও শপতগ্ৰহণ কৰে৷ আমি সকলোৱে জানো যে আধুনিক অসমৰ ৰূপকাৰ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে আধুনিক অসম নিৰ্মাণ আৰু অসমৰ সুৰক্ষা আৰু বিকাশৰ বাবে জীৱনজুৰি সাধনা কৰিছিল৷ সাগৰ সমান বৰঙণি আগবঢ়াইছিল৷
বিজেপি চৰকাৰৰো লক্ষ্য হৈছে সুৰক্ষা আৰু বিকাশ৷ স্বাধীনতাৰ প্ৰাক্ক্ষণত আৰু স্বাধীনতাৰ ঠিক পৰৱৰ্তী সময়ত লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অসম আৰু অসমীয়াৰ সুৰক্ষা আৰু বিকাশৰ বাবে কাম কৰিছিল৷ আমাৰ চৰকাৰখনে আনুষ্ঠানিকভাৱে কাম-কাজ আৰম্ভ কৰাৰ প্ৰাক্মুহূৰ্তত আজি আমি সকলোৱে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিলৈ আহি তেওঁৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধা আগবঢ়ালোঁ৷ অসমৰ সুৰক্ষা আৰু অসমক বিকাশৰ এক অনন্য স্তৰলৈ লৈ যোৱাটো আমাৰ সপোন৷ এই সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত আজি আমি সকলোৱে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ওচৰত আশীৰ্বাদ বিচাৰিছো৷’ মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘অসম-অসমীয়া আৰু ভাৰতীয় যাতে অসমৰ চাৰিসীমাৰ ভিতৰত সদায় সুৰক্ষিত হৈ থাকিব পাৰে আৰু বিকাশৰ গংগা নমাই আনিব পাৰোঁ সেইটো হৈছে আমাৰ দায়িত্ব৷ আমাৰ কাম-কাজত ইয়াৰ প্ৰতিফলন দেখিবলৈ পাব৷ কামে কথা ক’ব৷
কথাৰে একো লাভ নহ’ব৷ গতিকে কামে কথাবোৰ কৈ যাব৷ আমি নিৰ্বাচনী ঘোষণা-পত্ৰ হাতে-কামে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ৷ এতিয়া কথা কোৱাৰ সময় নহয়৷ ২১ তাৰিখৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব আৰু বিধায়কসকলে শপতগ্ৰহণ কৰিব৷ আজিৰ কেবিনেটত বিধানসভা সম্পৰ্কত আলোচনা কৰি ঠিক কৰা হ’ব ৷ বিধানসভাৰ অধিৱেশনৰ ঠিক পিছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়টো আমি হাতত ল’ম৷’ শপতগ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ নাপাই বিধায়ক অখিল গগৈয়ে কৰা আক্ষেপ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘সকলো শপতগ্ৰহণ অনুষ্ঠানলৈ আহিছে৷ যাৰ মনত আহিবলৈ ইচ্ছা আছে তেওঁ ৰাস্তা বনাই ল’ব৷ টিভিৰ পৰা চাইছে যদিও অনুষ্ঠানত চামিল হোৱাটোকেই বুজায়৷ কাৰণ আমাক এক কোটিৰ ওপৰত মানুহে ভোট দিছে৷ সকলো আহিব পৰা নাই ৷ টিভিত চাই আমাক আশীৰ্বাদ দিছে ৷ গতিকে আশীৰ্বাদটোহে আচল কথা৷

