Breaking

এথলেটিকছত শ্ৰেষ্ঠত্বঃ টাইকোৱান-ড’-বক্সিঙত তিনিটাকৈ সোণ বেডমিণ্টন-টেনিছতো লাভ

0 17

চলিত তৃতীয় উত্তৰ পূৱ ক্ৰীড়াৰ এথলেটিকছত অসমে চেম্পিয়ন হোৱাৰ গৌৰৱ লাভ কৰিছে৷ ক’হিমাৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা এথলেটিকছত এতিয়ালৈ অসমে ১৩ টা সোণ, সাতটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জসহ মুঠ ২৪ টা পদক লাভ কৰি শীৰ্ষত আছে৷ কাইলৈ সামৰণি পৰিব লগা প্ৰতিযোগিতাখনত এথলেটিকছৰ এটা ইভেণ্টৰ খেল বাকী থকাত অসম চেম্পিয়ন হোৱাটো নিশ্চিত হৈছে৷ কাৰণ সাতটা সোণ লাভ কৰি দ্বিতীয়ত আছে নাগালেণ্ড৷ আজি লং জাম্পৰ পুৰুষ আৰু মহিলাৰ দূয়োটা সোণ অসমৰ প্ৰবাল কোঁৱৰ [৬.৯৫ মিটাৰ] আৰু অব্ৰিকা নাৰ্জাৰীয়ে [প্ত.৯৭ মিটাৰ] লাভ কৰে৷ ইফালে, এশ মিটাৰ আৰু ৰীলেত দুটা সোণ লাভ কৰা ৰিম্পী বুঢ়াগোহায়ে [প্ত.৯৬ মিটাৰ] আজি লংজাম্পত ৰূপৰ পদক পায়৷ আনহাতে, জংছৰ বসুমতাৰীয়ে [৬.৮২ মিটাৰ] পুৰুষ শাখাত ব্ৰঞ্জ লাভ কৰি লংজাম্পত অসমক চতুৰ্থটো পদক দিয়ে৷ উল্লেখ্য যে প্ৰথমদিনা এথলেটিকছত অসমে চাৰিটা সোণসহ সাতটা পদক লাভ কৰিছিল৷ সেই ধাৰাবাহিকতা ৰক্ষা কৰি দ্বিতীয় দিনা চাৰিটা সোণসহ ছটা পদক আৰু তৃতীয় দিনটোত অসমে তিনিটা সোণ, সমসংখ্যক ৰূপ আৰু এটা ব্ৰঞ্জ পাইছিল৷

ইফালে, আৰ্চাৰীত আজি অসমে ইণ্ডিয়ান আৰু কম্পাউণ্ড ৰাউণ্ডত পাঁচটা সোণ লাভ কৰে৷ কম্পাউণ্ডৰ পুৰুষৰ একক শাখাত হেমন্ত বড়োই সোণ লাভ কৰাৰ বিপৰীতে সতীৰ্থৰ হাতত পৰাস্ত হৈ ৰূপ পাই উজ্বল বৰাই৷ এই শাখাৰে ব্ৰঞ্জ লাভ কৰে অৰ্ণব ডেকাই৷ ইফালে, কম্পাউণ্ডৰ পুৰুষ দলীয় শাখাতো অৰ্ণৱ, মানৱ, উজ্বলৰ দ্বাৰা গঠিত অসম দলে সোণ লাভ কৰে৷ কিন্তু মহিলা দলটো ফাইনেলত পৰাস্ত হৈ ৰূপ অৰ্জন কৰে৷ বিপৰীতে কম্পাউণ্ডৰ মিক্সড শাখাত অৰ্ণৱ আৰু মাইনাও ব্ৰহ্মই সোণ লাভ কৰে৷ মাইনাওই একক শাখাৰো ব্ৰঞ্জ পায়৷ ইফালে, ইণ্ডিয়ান ৰাউণ্ডৰ পুৰুষৰ একক শাখাত ৰিতুমনি স্বৰ্গিয়াৰীয়ে সোণ দখল কৰে৷ ৰিতুমনিয়ে ৰাজেশ নাৰ্জাৰী আৰু মনোৰঞ্জন বড়োৰ লগত খেলি দলীয় সোণ লাভ কৰাৰ বিপৰীতে মিক্সড শাখাত অৰুন বড়ো আৰু টুটুমনি বড়োই ৰূপ পায়৷ আনহাতে, পৰুষ-মহিলাৰ একক তথা মহিলাৰ দলীয়ত অসমে ব্ৰঞ্জ লাভ কৰে৷ কাইলৈ অসমৰ আৰ্চাৰে ৰিকাৰ্ভ শাখাত পাঁচটা সোণৰ বাবে খেলিব৷

ইফালে, আজি টাইকোৱান-ড’ত অসমে তিনিটা সোনসহ পাঁচটা পদক লাভ কৰে৷ স্নেহা গুৰুং [৪০ কেজি] আৰু বৃষ্টি পৰাশৰে [৪৩ কেজি] ছোৱালী শাখা তথা নিৰ্মান ৰূপম কাশ্যপে [৫৪ কেজি] ল’ৰাৰ শাখাত সোণ দখল কৰে৷ ইফালে, দিপাংকৰ দুৱাৰা আৰু বৰ্ষা ৰাভাই ব্ৰঞ্জ পায়৷ কালি অসমে দুটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জ অৰ্জন কৰিছিল৷

ইফালে, বেডমিণ্টনৰ অন্তিম দিনা আজি অসমে দুটা সোণ লাভ কৰে৷ মহিলাৰ একক শাখাত শান্তিপ্ৰিয়া হাজৰিকাই মণিপুৰৰ মহেশ্বৰীক তথা পুৰুষ ডাবলছত নিবিড় ৰঞ্জন চৌধুৰী আৰু সংগ্ৰাম চুতীয়াই নাগালেণ্ডৰ যুটীক হৰুৱাই সোণ পায়৷ ইয়াৰপূৰ্বে অসমৰ মহিলা দলে ৰূপ তথা পুৰুষ দলে ব্ৰঞ্জ লাভ কৰিছিল৷ আজি বক্সিঙত অসমে তিনিটা সোণ লাভ কৰে৷ সুজুমা বড়ো [৪৫ কেজি], সৰস্বতী বড়ো [৪৮ কেজি] আৰু অৰতী দলে সোণ লাভ কৰাৰ বিপৰীতে ফাইনেলত পৰাস্ত হৈ ৰূপ দখল কৰে ৰূপজ্যোতি বড়ো, ফাইলাঅ’ বসুমতাৰী, চিত্ৰ ৰাজ লিম্বু আৰু গৌৰৱ মজুমদাৰে৷ উল্লেখ্য যে অসমৰ ছয় বক্সাৰে যোৱানিশা ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ লাভ কৰিছিল৷

টেনিছত অসমৰ মহিলা দলে সোণ লাভ কৰাৰ বিপৰীতে পুৰুষ দলটো ছেমিফাইনেলত পৰাস্ত হয়৷ ইফালে, মহিলাৰ ডাবলছৰ ছেমিফাইনেলত অসমৰ তানিয়া কুমাৰী আৰু ছ’নী প্ৰজাপতিয়ে নাগালেণ্ডৰ প্ৰতিদ্বন্দ্বীক ৬-২, ৬-ঙ্ম ৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰেৱেশৰে পদক নিশ্চিত কৰিছে৷ ইফালে, একক শাখাৰ ছেমিফাইনেলত তানিয়া পৰাস্ত হয় যদিও ছ’নীক হৰুৱাই জাষ্টিনা বৰগোহায়ে ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰে৷ অসমৰ পুৰুষ¸ ভলীবল দলে আজি পুৱা ছেমিফাইনেলত মনিপুৰৰ বিৰুদ্ধে ৩-ঙ্ম ৰ ব্যৱধানত পৰাস্ত হয় যদিও আবেলি নাগালেণ্ডক ৩-ৰ ত হৰুৱাই ব্ৰঞ্জ লাভ কৰে৷ কাইলৈ সামৰণি পৰিব লগা তৃতীয় উত্তৰ পূৱ ক্ৰীড়াত আজি অসমে মল্লযুঁজ অভিযান আৰম্ভ কৰিছে৷

Leave A Reply