এদিনীয়া কাৰ্য্যসূচীৰে বৈঠালাংছ চেৰদিহুুন আক্লামত কাৰ্বি লামেট আমেই সৌজন্যত হিৰবাং আমেই অনুষ্ঠিত

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ কাৰ্বি লামেট আমেই বৈঠালাংছ শাখা সমিটি উদ্যোগত দিনজোৰা কাৰ্য্যসূচীৰে বৈঠালাংছস্থিত চেৰদিহুুন আক্লামত কবি সম্নিলন তথা হিৰবাং আমেই ৰো চেমচনচিং ইংতি স্মৰণীয় হিৰবাং আমেই আয়োজন কৰে বৈঠালাংছ কাৰ্বি লামেই আমেই সহযোগিতা৷ সম্নিলনত স্কুলীয়া ছাত্ৰ-ছাত্ৰী; কলেজ অধ্যয়নছাত্ৰ-ছাত্ৰী সকলে কবি সম্নিলন অংশ গ্ৰহণ কৰি তেওঁলোকৰ নিজা প্ৰতিভা কবিতা আবৃত্তিৰে উপস্থিত দৰ্শকক সন্তুষ্ট কৰে৷

হিৰবাং আমেই তথা কবি সম্নিলনৰ শতাধিক ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে৷ কবি সম্নিলনত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে দুটা শাখা ভাগ কৰি এ আৰু বি গ্ৰোপ কৰি কবিতা আবৃত্তি প্ৰতিযোগিতা আয়োজন কৰে উদযাপন সমিটিয়ে ৷ কবিতা আবৃত্তি এ গ্ৰুপ ষষ্ঠ পৰা নৱম লৈ আৰু বি গ্ৰুপ দশম আৰু দ্বাদশ শ্ৰেণিলৈ৷ কবিতা আবৃত্তি প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিযোগিতা পুৰস্কাৰ প্ৰদান কৰে উদযাপন সমিটিয়ে৷

কবি সম্নিলনৰ প্ৰতি লক্ষ্য ৰাখি এটি অনুষ্টটুপীয়া সভাও আয়োজন কৰে৷ বৈঠালাংছ শাখা কাৰ্বি লামেট আমেই সভাপতি হোমচন ৰংফাৰ সভাপতিত্ব সভাত উপস্থিত বিশিষ্ট লেখক কবি হানমিজি হানছে, প্ৰাক্তন ইএম কেএএচি তথা লেখক চাৰ ইএম বে, বৈঠালাংছ বিশিষ্ট লেখক তথা সাহিত্যিক কবি টং কোৱৰ; ফাদাৰ জচেপ টেৰণ ডনবক্স চিনিয়ৰ স্কুল বৈঠালাংছ; সমাজকৰ্মী লৰন টেৰণ; প্ৰফেচৰ ডংকামোকাম ৰাংচিনা কলেজ ৰিমঝিম দত্ত ভূঞাসহ অসম সাহিত্য সভাৰ বৈঠালাংছ শাখা সমিটি সভাপতি সম্পাদক উপস্থিতথাকে৷ কবি সম্নিলনত কাৰ্বি আৰু অসমীয়া গীত নৃত্য প্ৰদৰ্শন কৰে৷

Related Articles