সোণাপুৰত সশস্ত্ৰ সীমা বলৰ হিন্দী পক্ষৱাড়াৰ অধীনত বিভিন্ন কাৰ্যসূচী

প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰৰ কাৰ্যক্ষেত্ৰত হিন্দী পক্ষৱাড়াৰ অধীনত আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ৩ অক্টোবৰ ২০২৬ তাৰিখে বাহিনী মুখ্য কাৰ্যালয়ত দ্বিতীয়-কমান্ড বিষয়া তথা ভাৰপ্ৰাপ্ত কমাণ্ডেণ্ট শ্ৰী Kh. ঈবৌচৌবা সিঙৰ মাৰ্গদৰ্শনত এই কাৰ্যসূচীসমূহ অনুষ্ঠিত হয়।

বাহিনীৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ মাজত হিন্দী ভাষাৰ প্ৰতি আগ্ৰহ আৰু সজাগতা বৃদ্ধি কৰাৰ লগতে চৰকাৰী কাম-কাজত হিন্দী ভাষাৰ ব্যৱহাৰ অধিক উৎসাহিত কৰাই এই কাৰ্যসূচীসমূহৰ মূল উদ্দেশ্য আছিল। অনুষ্ঠানত চৰকাৰী ভাষা নীতি পালন আৰু কাৰ্যালয়ৰ দৈনন্দিন কাম-কাজত হিন্দী ভাষাৰ সৰল তথা ফলপ্ৰসূ ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

হিন্দী পক্ষৱাড়াৰ অংশ হিচাপে বিষয়া আৰু কৰ্মচাৰীসকলৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰিবলৈ বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ইয়াৰ ভিতৰত হিন্দী ৰচনা লিখন, হিন্দী বিতৰ্ক, সাধাৰণ জ্ঞান, হিন্দী টাইপিং, সুন্দৰ হস্তলিখনকে ধৰি বিভিন্ন হিন্দীভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাসমূহত বিষয়া আৰু বলকৰ্মীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে।

এই উপলক্ষে ভাৰপ্ৰাপ্ত কমাণ্ডেণ্টে কয় যে হিন্দী দেশৰ এক গুৰুত্বপূৰ্ণ সংযোগী ভাষা। চৰকাৰী কাম-কাজত হিন্দীৰ ব্যৱহাৰ বৃদ্ধি কৰিলে প্ৰশাসনিক কাম-কাজ অধিক সৰল, সহজ আৰু ফলপ্ৰসূ কৰিব পৰা যায়। তেওঁ সকলো বিষয়া আৰু কৰ্মচাৰীক দৈনন্দিন কাৰ্যালয়ৰ কাম-কাজত হিন্দীৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে চৰকাৰী ভাষাৰ প্ৰতি থকা দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায়।

তেওঁ লগতে কয় যে হিন্দী পক্ষৱাড়া কেৱল নিৰ্দিষ্ট সময়ছোৱাত অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ মাজতে সীমাবদ্ধ নাথাকি হিন্দী ভাষাৰ নিৰন্তৰ আৰু ফলপ্ৰসূ ব্যৱহাৰৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হিচাপে পৰিগণিত হোৱা উচিত।

প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰে চৰকাৰী ভাষা হিন্দীৰ প্ৰচাৰ-প্ৰসাৰ আৰু কাৰ্যকৰীকৰণৰ বাবে ভৱিষ্যতেও এই ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰি যোৱাৰ কথা জানিবলৈ দিছে। হিন্দী পক্ষৱাড়াৰ কাৰ্যসূচীসমূহত বাহিনী মুখ্য কাৰ্যালয়ৰ বিষয়া আৰু বলকৰ্মীসকলৰ সক্ৰিয় অংশগ্ৰহণে অনুষ্ঠানটো উৎসাহপূৰ্ণ আৰু ইতিবাচক কৰি তোলে।

Related Articles