Breaking

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰত আশীৰ্বাদ ল’লে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই…

0 109

বুধবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে যোৰহাটত উপস্থিত মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা। উক্ত ভ্ৰমণসূচীত কেবাটাও কাৰ্যসূচী অন্তভুক্ত কৰিছে। বুধবাৰে অসম কৃষি বিশ্ববিদ্যালয় উপস্থিত হৈ এখন সভাত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট নগৰত নিৰ্মিত প্ৰথমখন যোৰহাট নগৰ আৰু ন আলি সংযোগী উৰণীয়া সেতু উদ্বোধন কৰে। তাৰ পাছতে বিয়লি ভাগত পূব যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰ মূল তোৰণ,অতিথি ভৱন আৰু মইনাপৰীয়া নামঘৰত নেদেখাজনৰ চৰণত সেৱা লয়।উল্লেখযোগ্য যে চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ বাবে পূৰ্বে ঢেকীয়াখোৱা বৰনামঘৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত থকা মূল তোৰণখন ভাঙি নতুনকৈ অতি আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে আৰু উক্ত নৱনিৰ্মিত তোৰণখন আৰু অতিথি ভৱনটি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰাক লৈ এতিয়া অধিক উৎসাহিত হৈ পৰিছে নামঘৰ পৰিচালনা সমিতিৰ লগতে সমূহ টীয়কবাসী।

আনহাতে সমষ্টি পুনৰ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াত ৰাষ্ট্ৰপতিয়ে অধিসুচনা জাৰি কৰাৰ বাবে ঢেকীয়াখোৱা বৰনামঘৰত ভগৱানৰ ওচৰত ধন্যবাদ আৰু কৃতজ্ঞতা জনাই বন্তি প্ৰজ্বলন কৰি অনতি পলমে উজনি অসমৰ আয়ুসৰেখা চাৰিলেনযুক্ত ঘাইপথৰ কাম সম্পূৰ্ণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে নামঘৰত ভক্তৰ চৰণ চুই সেৱা লোৱাৰ লগতে স্থানীয় প্ৰতিটো সমস্যা অনতি পলমে সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে।লগতে নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ যো জা চলোৱাৰ বাবে টীয়কৰ এই মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰক অন্য এক মাত্ৰাৰ ৰাজ্য চৰকাৰে সজাই পৰাই তুলিব বুলিও জানিবলৈ দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।

Leave A Reply