Breaking

ওৰাঙত গভাইত ছাগলী চোৰ গ্ৰেপ্তাৰ

0 1,519

ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত চমুৱাগাঁওত ২৩জানুৱাৰীত পুৱতি নিশা এজন গভাইত ছাগলীচোৰ ৰাইজে আটক কৰিবলৈ সক্ষম হয় ৷ঘটনাৰ বিৱৰণীত প্ৰকাশ যে ওৰাঙৰ চমুৱাগাও নিবাসী চিন্তাৰাম মাহাতোৰ ঘৰত ২৩ জানুৱাৰীৰ  নিশা ঘৰৰ পৰাই চোৰে ছাগলীচোৰ কৰি নিয়ে ৷ পুৱতি নিশা ২ টামান বজাত ছাগলী বিচাৰি বিচাৰি ওচৰৰে সুনীল বাগলাৰীৰ ঘৰৰ কাষেৰে পাৰ হৈ যাঁওতে ছাগলীৰ মাত শুনা পায় ৷এনেতে গৃহস্হক মাত দিওঁতে   গভাইত চোৰ বাগলাৰীৰ মাকে দৰজা খুলি দিয়াত ছাগলীটো ঘৰৰ ভিতৰৰ পৰা ওলাই আহে ৷এনেতে ৰাইজে গভাইত চোৰ সুনীল বাগলাৰীক হাতে লোটে ধৰি ওৰাং আৰক্ষী থানাত চমজাই দিয়ে ৷ৰাইজে জানিব দিয়া মতে এই চোৰজনে এই অঞ্চলটোত লোকৰ ঘৰত চুৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ওৰাং আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি গভাইত চোৰ জনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

Leave A Reply