Breaking

কমনৱেলথ গেমছৰ ট্ৰেকত আজি পুনৰ অৱতীৰ্ণ হ’ব হিমা দাস…

0 2,205

বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছৰ ট্ৰেকট আজি পুনৰ দৌৰিব ধিং এক্সপ্ৰেছ হিমা দাস। আজি বিয়লি ৪.২৪ বজাত ৪X১০০ মিটাৰ দৌৰত অংশ ল’ব হিমা দাসৰ লগতে ভাৰতীয় দলটোৱে।

উল্লেখ্য যে, কমনৱেলথ গেমছৰ একাদশ দিনলৈকে ভাৰতে সৰ্বমুঠ ৪০ টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ১৩ টা সোণৰ পদক লাভ কৰাৰ বিপৰীতে ১১টা ৰূপ আৰু ১৬টা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তালিকাৰ পঞ্চম স্থান অধিকাৰ কৰিছে ভাৰতে।

ইফালে আজি ভাৰতীয় দলটোৱে অৱতীৰ্ণ হ’বলগীয়া ৪X১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাতো ইতিমধ্যে এটা পদক নিশ্চিত হৈ পৰিছে। অৱশ্যেই ভাৰতীয় দলটোৱে আজি সোণৰ পদক অৰ্জন কৰিব বুলি আশাৰে বাট চাইছে ভাৰতীয়সকলে।

Leave A Reply