কলেজৰ চৌহদত বনাব নোৱাৰিব ৰীলছ।
ইউনিফৰ্ম পিন্ধি ৰীলছ বনালে বিষম হ’ব কথা।
ঢেকীয়াজুলিৰ অমিয় কুমাৰ দাস মহাবিদ্যালয় কৰ্তৃপক্ষৰ কঠোৰ নিষেধাজ্ঞা।
ইউনিফর্ম পিন্ধি ভিডিঅ’ বা ৰীলছ বনালে লোৱা হ’ব বিহিত ব্যৱস্থা।
শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিৱেশ অটুট ৰাখিবলৈ কৰ্তৃপক্ষৰ এই সিদ্ধান্ত।
শ্রেণীকোঠাত মোবাইল ফোনৰ অযথা ব্যৱহাৰো সম্পূৰ্ণৰূপে বন্ধ।
ৰঙীন জেকেট পিন্ধিলে গেটত চহী নকৰাকৈ সোমাব নোৱাৰিব কলেজত।
বাধ্যতামূলকভাৱে কলেজলৈ পিন্ধি আহিব লাগিব শীতকালীন ইউনিফর্ম।

