কাইলৈ দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট, ৰাইজৰ আশা পূৰণৰ প্ৰতিশ্ৰুতি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন যোৱা ৬ জুলাইৰ পৰা আৰম্ভ হৈছে আৰু অহা ৩১ জুলাইলৈকে সৰ্বমুঠ ২১ দিন ধৰি চলিব। এই অধিৱেশনৰ এক গুৰুত্বপূৰ্ণ পৰ্ব হিচাপে ১০ জুলাইত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট সদনত দাখিল কৰিব। বাজেট উপস্থাপনৰ পূৰ্বে ইতিমধ্যে ৰাজ্যজুৰি জনসাধাৰণৰ মাজত বিভিন্ন আশা-আকাংক্ষা আৰু আলোচনা আৰম্ভ হৈছে। এই সন্দৰ্ভত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদ মাধ্যমৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে, চৰকাৰে ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিব পৰা এখন সুসংগঠিত আৰু জনমুখী বাজেট আগবঢ়োৱাৰ চেষ্টা কৰিব।

তেওঁ উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে গঠন হোৱা চৰকাৰখনৰ দ্বিতীয় কাৰ্যকালৰ এইখন প্ৰথম বাজেট, সেয়ে ইয়াৰ ওপৰত ৰাইজৰ আশা যথেষ্ট। মন্ত্ৰীগৰাকীয়ে কয়, “বিভিন্ন বিভাগৰ সৈতে আলোচনা অব্যাহত আছে আৰু অসমৰ ৰাইজে আশা কৰা বিষয়সমূহ অন্তৰ্ভুক্ত কৰি এখন উন্নয়নমুখী বাজেট প্ৰস্তুত কৰা হৈছে।” তেওঁ লগতে কয় যে ৰাজ্যৰ উন্নয়ন, আৰ্থিক স্থিৰতা আৰু জনসাধাৰণৰ কল্যাণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব।বিত্তমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে মিত্ৰদলক ৰাইজে ১০২খন আসনত জয়ী কৰোৱাৰ পিছত চৰকাৰৰ ওপৰত দায়িত্ব বহুগুণে বৃদ্ধি পাইছে।

সেয়ে এই বাজেটৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ আশা-আকাংক্ষা যথাসম্ভৱ পূৰণ কৰাৰ লক্ষ্য লোৱা হৈছে।ইফালে, ডিমৰীয়াৰ ক্ষেত্ৰী নলগেদেৰাত ৰিং ৰোড নিৰ্মাণৰ বাবে চলি থকা পাহাৰ খননৰ বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অত্যন্ত জৰুৰী। তেওঁ কয়, “আমাক উন্নয়নো লাগিব আৰু তাৰ লগতে প্ৰকৃতি সুৰক্ষাও নিশ্চিত কৰিব লাগিব। উন্নয়নক সম্পূৰ্ণৰূপে বর্জন কৰিব নোৱাৰি, কিন্তু তাৰ ফলত পৰিৱেশৰ ক্ষতি হোৱা উচিত নহয়।”

তেওঁ লগতে উল্লেখ কৰে যে গুৱাহাটী মহানগৰীৰ ভৱিষ্যতৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে ৰিং ৰোডটো অতি প্ৰয়োজনীয়। অৱশ্যে, ইয়াৰ সৈতে জড়িত সকলো পৰিৱেশগত দিশ সম্যকভাৱে পৰ্যালোচনা কৰাৰ পিছতহে আগবঢ়া হ’ব। ক্ষেত্ৰী নলগেদেৰাৰ বিষয়টোও যথাযথভাৱে অধ্যয়ন কৰি পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ জনায়।সামগ্ৰিকভাৱে, আগন্তুক বাজেটখনৰ ওপৰত ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে আৰু এই বাজেটে ৰাজ্যৰ উন্নয়ন আৰু জনকল্যাণৰ নতুন দিশ নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে।

Related Articles