Breaking

কাইলৈ বিশ্ব নাৰী দিৱস। অসমত কিমান সুৰক্ষিত নাৰী , ১২,০৩৪ গৰাকী নিৰ্যাতিতা বিগত বৰ্ষত

0 122

কাইলৈ সমগ্ৰ বিশ্বৰ লগতে অসমেও উদযাপন কৰিব নাৰী দিৱস। প্ৰশ্ন হৈছে অসমত কিমান সুৰক্ষিত মহিলা। হত্যা ধৰ্ষণ অপহৰণ বলাৎকাৰৰ ঘটনাত জৰ্জৰিত ৰাজ্যখনে উলহ মালহেৰে উদযাপন কৰিব নাৰী দিৱস। এইখন দেশত নাৰীক দেৱী দুৰ্গা, লক্ষ্মী, সৰস্বতী, মনসা আদি ৰূপত পুজা কৰা হয়। আশীৰ্বাদ বিচাৰি চৰণত বন্তি প্ৰজ্বলন কৰা হয়। শক্তিপীঠ কামাখ্যা এইখন ৰাজ্যৰ গৌৰব। ইয়াৰ বিপৰীতে কন্যা সন্তান জন্ম দিয়াৰ অভিযোগ, যৌতুক বিচাৰি কৰা অত্যাচাৰ, স্বামীৰ পৰকীয়া প্ৰেমৰ বাবে প্ৰায় নিতৌ মহিলা যুবতীয়ে অকালতে প্ৰান দিবলগীয়া হৈছে। অবসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল ২০২২ বৰ্ষত ১২ হাজাৰ ৩৪ গৰাকী মহিলা যুবতী নিৰ্যাতনৰ সম্মুখীন হৈ থানাত গোচৰ ৰুজু কৰিছিল।

অৰ্থাৎত অসমত দৈনিক ৩৩ গৰাকী মহিলা যুবতী নিৰ্যাতনৰ সম্মুখীন হোৱাৰ ঘটনাই আমাৰ মানসিকতা নগ্নভাবে উদঙাই দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত নিশা থানালৈ মহিলা অহাৰ প্ৰসংগ উল্লেখ কৰি আওপাকে নাৰীৰ সুৰক্ষা দিশটো আঙুলিয়াই দিছিল। প্ৰতি বছৰে ঢাক ঢোল বজাই, ডাঙৰ ডাঙৰ বিজ্ঞাপন দি দল সংগঠনৰ লগতে চৰকাৰে নাৰী দিৱস উদযাপন কৰাৰ পৰিবেশ প্ৰকৃততে অসমত আছেনে নাই সেয়া আত্মসমালোচনাৰে নিজক প্ৰশ্ন কৰাৰ প্ৰয়জনীয়তাক নুই কৰিব নোৱাৰি নিশ্চয়।

Leave A Reply