Breaking

কাইলৈ ৰাষ্ট্ৰপতি নিৰ্বাচন; দেশে পাব দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি!

0 2,120

সোমবাৰে অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। এন ডি এ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্ম আৰু বিৰোধিৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহাৰ মাজত ৰাষ্ট্ৰপতিৰ আসন কোনে দখল কৰিব তাক লৈ হ’ব প্ৰতিদ্বন্বিতা। ৬৪ বছৰীয়া এন ডি এ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্ম আছে আগত। প্ৰথমে বিৰোধীয়ে শক্তিশালী প্ৰতিদ্বন্বিতা আগবঢ়াব বুলি ভৱা হৈছিল যদিও অন্তিম পৰ্যায়ত একত্ৰিত হৈ থাকিব নোৱাৰিলে বিৰোধী শক্তি।মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক পট পৰিৱৰ্তন, এ আই ইউ ডি এফৰ স্থিতিৰ উপৰিও ভিতৰুৱাকৈ আদিবাসী প্ৰাৰ্থী হোৱাৰ বাবে বহু কেইটা বিৰোধী দলে শেষ মুহুৰ্তত দ্ৰৌপদী মুৰ্মৰ পক্ষতে থিয় দিয়াৰ সম্ভাৱনাই সেই যুঁজখন সহজ কৰি তুলিলে। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ১৫ জুন ২০২২ ত অধিসূচনা জাৰি কৰা হৈছিল। ১৮ জুলাই ২০২২ ত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ ভোট গণনা আৰু ফলাফল ঘোষণা কৰা হ’ব ২১ জুলাই ২০২২ত। লোকসভাত এন ডি এৰ মুঠ আসনৰ সংখ্যা ৩৩৬ । ইয়াৰ বিপৰীতে ইউ পি এৰ মুঠ সাংসদৰ সংখ্যা ১১০। অন্যান্য দলৰ সাংসদৰ সংখ্যা ৯৭। লোকসভাত বৰ্তমান মুঠ সদস্যৰ সংখ্যা ৫৪৩।

লোকসভাৰ সাংসদ সকলৰ উপৰিও ইলেক্ট্ৰৰেল কলেজ পদ্ধতিৰে ২৮ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচিত সদস্য সকলে কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লী, পডুচেৰী, আৰু জম্মু কাশ্মীৰৰ বিধায়ক সকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিব। অৱশ্যে এইবাৰ জম্মু কাশ্মীৰ বিধানসভা ভংগ কৰি থোৱাৰ বাবে ৯০ জন সদস্যই ভোটদান কৰিব নোৱাৰিব। ৰাজ্যসভা আৰু লোকসভা মিলি মুঠ ৭৭৬ জন আৰু বিধান সভাৰ মুঠ ৪৩৩ জন বিধায়কে ভোট দান কৰিব নোৱাৰিব নিৰ্বাচনত। বৰ্তমান ৰাজ্যসভাত এনডিএৰ ২০৩ জন সাংসদৰ ভিতৰত ১০৮জন এন ডি এৰ, ৫০ জন ইউপিএৰ, ৭৪ জন অন্যান্য দলৰ সাংসদ আছে। বিধায়ক সকলৰ ভিতৰত ১৭৬৮ জন এনডিএৰ, ১০৩৩ জন ইউপিএৰ, ১২২৫ জন অন্যান্য দলৰ বিধায়ক আছে। অৱশ্যে সমগ্ৰ দেশত ৯৭ টা বিধায়কৰ পদ বৰ্তমান খালী আছে। লোকসভাত এনডিএৰ ইলেক্ট্ৰৰেল কলেজৰ ভিতৰত ২৩৫২০০ অৰ্থাত লোকসভাত ৬২ শতাংশ ইলেক্ট্ৰৰেল কলেজ দ্ৰৌপদী মুৰ্মৰ পক্ষত আছে। ৰাজ্যসভাত ৭২ হাজাৰ ৮০০ আছে এন ডি এৰ পক্ষত, ৩৭ হাজাৰ ১০০ আছে ইউ পি এৰ পক্ষত। ইতিমধ্যে আপে মুকলিকৈ ঘোষনা কৰিছে তেওঁলোকে বিৰোধী উমৈহতীয়া প্ৰাৰ্থীক ভোটদান কৰিব ।

Leave A Reply