Breaking

কাকজানত সদৌ অসম ভিত্তিত একক ভাওনা প্ৰতিযোগিতা আৰম্ভ

0 22

মহাপুৰুষীয়া ভাওনা সংস্কৃতিৰ ঐতিহ্য আৰু পৰম্পৰা অক্ষুন্ন ৰাখি নৱদ্বীপ সাংস্কৃতিক গোষ্ঠী, কাকজানৰ উদ্যোগত আৰু বৃহত্তৰ কাকজানবাসীৰ সহযোগত আজিৰ পৰা সদৌ অসম ভিত্তিত একক ভাওনা প্ৰতিযোগিতা আৰম্ভ হৈছে ।

৭ এপ্ৰিলত সামৰণি পৰিবলগীয়া তেৰদিনীয়া প্ৰতিযোগিতাখনৰ আজি বিয়লি টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত শুভাৰম্ভণি কৰা হৈছে।চটাইস্থিত শ্ৰীশ্ৰী দক্ষিণপাট আশ্ৰমী সত্ৰৰ ডেকাধিকাৰ জগন্নাথ দেৱগোস্বামীয়ে শুভাৰম্ভ কৰা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত পূব যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি ৰাম প্ৰসাদ ফুকন,ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীন কলিতা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নৱদ্বীপ সাংস্কৃতিক গোষ্ঠীৰ এই পদক্ষেপৰ শলাগ লয় লগতে এই আধ্যাত্মিক পৰিবেশে নৱপ্ৰজন্মৰ মাজত এক শান্তি সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে।

Leave A Reply