Breaking

কাচ্চা বাদাম খ্যাতি অঞ্জলি অৰোৰাৰ প্ৰেমিক কোন?এজন যুৱকৰ সৈতে দেখা গ’ল অঞ্জলিক…

0 79

কাচ্চা বাদাম গাৰ্ল অঞ্জলি অৰোৰাৰ প্ৰেমিক কোন? জনপ্ৰিয় ট্ৰেণ্ডিং গীতত নিজৰ নৃত্যৰ ভিডিঅ’ শ্বেয়াৰ কৰি অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে। ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰ অঞ্জলি অৰোৰাই কাচ্চা বাদাম গীতৰ ভাইৰেল ভিডিঅ’ৰ জৰিয়তে খ্যাতি লাভ কৰিবলৈ সক্ষম হয়। আনহাতে একতা কাপুৰৰ প্ৰথমটো ৰিয়েলিটি শ্ব’ লক আপ ছিজন ১ত প্ৰতিযোগী হিচাপে অভিনয় কৰিছিল অঞ্জলিয়ে আৰু বলীউডৰ অভিনেত্ৰী কংগনাই আয়োজন কৰা শ্ব’টোৰ সময়ছোৱাত অঞ্জলিয়ে হাইলাইটত থাকিবলৈ সক্ষম হয় ৰানাৱতত। শ্ব’টোৰ পৰা ওলাই অহাৰ পিছত অনুৰাগীয়ে প্ৰায়ে অঞ্জলিক তেওঁৰ প্ৰেমিক আকাশ সংসনৱালৰ সৈতে দেখা পাইছে।

আকাশ সংসনৱাল কোন? স্পটবয় ডট কমৰ ৰিপৰ্ট আৰু তেওঁৰ ইনষ্টাগ্ৰাম বায়’ অনুসৰি আকাশ ৰাজনীতিত সক্ৰিয় আৰু বিজেপিৰ সদস্য। ল’ৰাজনৰ বিষয়ে বিশেষ একো প্ৰকাশ হোৱা নাই যদিও অঞ্জলিৰ সৈতে প্ৰায়ে বিভিন্ন অনুষ্ঠান আৰু দ’চত দেখা যায়। এক সাক্ষাৎকাৰত অঞ্জলিয়ে ক’লে পৰিয়ালৰ সৈতে সময় কটোৱাৰ কথা। ‘মই মোৰ পৰিয়ালৰ সৈতে যোৱা গোটেই সপ্তাহটো উপভোগ কৰিলোঁ য’ত আকাশ আৰু তেওঁৰ পৰিয়ালটোও আছিল কাৰণ তেওঁলোকো মোৰ পৰিয়াল। আমাৰ ভাইটিৰ ফাংচনতো আকাশৰ পৰিয়াল আছিল।’

অঞ্জলি অৰোৰা কিয় বিখ্যাত?

কেৱল ইনষ্টাগ্ৰামত ১ কোটি ২৪ লাখতকৈ অধিক অনুগামীৰ ফেন আছে অঞ্জলি অৰোৰাৰ। অঞ্জলি অৰোৰাক প্ৰথম দেখা গৈছিল Lock Upp – কংগনা ৰানাৱটে আয়োজন কৰা আৰু একতা কাপুৰৰ প্ৰযোজনা কৰা ৰিয়েলিটি শ্ব’ত। ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰ কাচ্চা বাদাম গীতৰ নৃত্য ভিডিঅ’ৰ জৰিয়তে খ্যাতি লাভ কৰিবলৈ সক্ষম হয়।অৱশ্যে শেহতীয়াকৈ তেওঁ অনলাইনত প্ৰকাশ পোৱা এমএমএছ ভাইৰেল ক্লিপৰ অভিযোগৰ বাবে শিৰোনাম দখল কৰিছিল। ব্যক্তিগত ভিডিঅ’টো ভাইৰেল হৈছিল আৰু বহুতে ধৰি লৈছিল যে ইয়াত থকা ছোৱালীজনী অঞ্জলি, অৱশ্যে দেখাত সেয়া নহয়। পিছত অঞ্জলি অৰোৰাই সিদ্ধাৰ্থ কাননৰ লগত কথা পাতি থাকোঁতে, এই বিষয়ে ক’লে। এনেবোৰ কথাই তেওঁ আৰু তেওঁৰ পৰিয়ালক প্ৰভাৱিত কৰে বুলি প্ৰকাশ কৰে।

Leave A Reply