ডিচেম্বৰত লখিমপুৰৰ বছা গাঁৱত প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতা

লখিমপুৰৰ বছা গাঁৱত প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতা ডিচেম্বৰত। ৬ ডিচেম্বৰ২০২৬ত আৰম্ভ হৈ ১৫ জানুৱাৰী২০২৭ তাৰিখত শেষ হব বছাগাঁও প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬-২০২৭ দশম সংস্কৰণ। ২০১৭ চনতে আৰম্ভ হৈ অঞ্চলৰ লগতে লখিমপুৰ, ধেমাজি মাজুলীৰ ক্ৰিকেট প্ৰতিভা সমূহক এখন মঞ্চ দি অহা প্ৰতিযোগিতা খনেপ্ৰতি বছৰে সফল সমাপ্তি হৈ হৈ দশম বছৰত ভৰি দিয়া লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ অন্তৰ্গত বছা গাঁৱৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হব লগা প্ৰতিযোগিতা খনত এইবাৰ প্ৰায় দহ টা দলে অংশগ্ৰহণ কৰা সম্ভাৱনা।

সম্পূৰ্ণ আই . পি .এল.ৰ আৰ্হিত অনুষ্ঠিত হৈ অহা প্ৰতিযোগিতা খনৰ বাবে অহা ১ নৱেম্বৰৰ পৰা ১৫ নবেম্বৰলৈ খেলুৱৈ অংশগ্ৰহণৰ বাবে প্ৰ-পত্ৰ সংগ্ৰহৰ দিন ধাৰ্য কৰা হৈছে বুলি উদ্যোগতা মণ্ডলী বছা গাঁও ক্ৰিকেট ক্লাবে জানিবলৈ দিয়ে, খবৰ পোৱা মতে ২২ নৱেম্বৰত নিলাম প্ৰক্ৰিয়া হব লগা প্ৰতিযোগিতা খনত গত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো অসমৰ বিভিন্ন প্ৰান্তৰ ক্ৰিকেট প্ৰতিভা সমূহক খেলাৰ সুযোগ দিয়া হব বুলি উদ্যোগতা সমিতি তথা বছা গাঁও ক্ৰিকেট ক্লাবৰ সভাপতি চুচিল দাস আৰু সম্পাদক মুন শৰ্মাই জনাইছে। উল্লেখ্য যে তেওঁলোকে ৬০০০১৭০১৬৩ আৰু 93656 55922 নম্বৰত যোগাযোগ কৰি প্র – পত্ৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে লগতে ইচ্ছুক কোনো ব্যক্তিয়ে প্ৰতিযোগিতা খনত দলৰ স্বত্বাধিকাৰৰী হৈ দল কিনিব বিচাৰে তেন্তে অহা ৩০ অক্টোবৰৰ ভিতৰত ওপৰত উল্লেখিত নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Related Articles