কাজিৰঙাৰ ভয়ানক দুর্ঘটনা এক হত্যাকাণ্ড! মুখ্যমন্ত্রীয়ে মূল সমস্যা সমাধান কৰাত গুৰুত্ব দিয়ক, CFCৰ একচেটিয়া মাফিয়াগিৰিঃ কুুটুম্ব সুৰক্ষা পৰিষদৰ সংবাদমেল

যোৱা অক্টোবৰ মাহৰ ২ তাৰিখৰ পৰা আমি কুটুম্ব সুৰক্ষা পৰিষদয়ে আৰম্ভ কৰা ‘সত্য অন্বেষণ’ শীর্ষক অভিযানে আজিৰ সময়ত যথেষ্ট সমাদৰ লাভ কৰিছে আৰু খুবেই প্রাসংগিক হৈ পৰিছে। সেই অভিযানৰ অংশ হিচাপে ভাৰতীয় সংবিধান অনুচ্ছেন ৫১ (ক) ৰ আধাৰত অসমৰ কেইবাটাও বিষয়ত ইতিমধ্যেই এলানি সংবাদমেল আয়োজন কৰা হৈছে। তাৰে ভিতৰত উল্লেখযোগ্য আছিল যে অসম পৰিবহন বিভাগৰ আভ্যন্তৰিণ অবাধ দুর্নীতি, যাৰ পৰিণাম আমি সাধাৰণ জনতাই নিতৌ ভূগি আছোঁ।

কেইমাহমানৰ আগতে গুৱাহাটীৰ দাঁতিকাষৰীয়া সোণাপুৰত আগে পিছে এখন নৈশ বাছ আৰু এখন ট্রেভেলাৰ দুর্ঘটনাগ্রস্ত হোৱাৰ পিছৰে পৰা আচলতে আমি বিষয়টো লৈ যথেষ্ট খিনি অধ্যয়ন আৰু আলোচনা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। অনাগত সময়বোৰত যাতে পুনৰ তাতোতকৈ ভয়ানক কিছুমান মানুহৰ জীৱন কাঢ়ি নিব পৰা ঘটনা সংঘটিত নহওঁক; তাৰবাবেই আমি অসম পৰিবহন বিভাগত চলি থকা বিভিন্ন ধৰণৰ কু-কর্ম বোৰৰ বিষয়ে ৰাইজক সজাগ কৰাৰ লগতে সংশ্লিষ্ট চৰকাৰী মহলৰ দৃষ্টিগোচৰ কৰাবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু, বিগত সময়বোৰত চৰকাৰে বিভিন্ন বিষয়ত দেখুওৱা উদাসীনতাৰ দৰেই পৰিবহন বিভাগৰ বিষয়টোৰ প্ৰতিও দিবলগীয়া গুৰুত্ব নিদিলে। পৰিণাম কাজিৰঙাৰ দুৰ্ভাগ্যজনক তথা ভয়ানক পথ দুর্ঘটনা।

হয়, কাজিৰঙাৰ সেই ভয়াবহ দুর্ঘটনা এক হত্যাকাণ্ড!! এয়া অৱহেলা, দুর্নীতি, অৱজ্ঞা আৰু দায়বদ্ধতাহীনতাৰ চূড়ান্ত কু-পৰিণাম। এই দুর্ঘটনাৰ বাবে দোষী বা জগৰীয়া কেৱল চালকজন নহয়; গাড়ীখনৰ মালিক নহয়। কিম্বা ৰাইজৰ মন জয় কৰি জনপ্রিয়তা লাভ কৰিবলৈ চৰকাৰে নিলম্বন কৰা কেইজনমান সক সক বিষয়া নহয়। আচলতে, আজি কাজিৰঙাত ঘটা ইমান এটা ভয়ানক দুর্ঘটনাৰ পিছতো অসমৰ মুখ্যমন্ত্রী আৰু সংশ্লিষ্ট মহলৰ চকু মূল বিষয়বোৰত নপৰাতো দুর্নীতি, অৱহেলা, অৱজ্ঞা, দায়বদ্ধতাহীনতা আৰু কাণ্ডজ্ঞানহীনতাৰ এক অনন্য নিদর্শন।

বিগত প্রায় দুটা মাহ আমি পৰিবহন বিভাগৰ কেতবোৰ অবৈধ কামৰ কথা নিৰন্তৰে আলোচনা কৰি আছোঁ। কেরল আমিয়েই নহয়; বিশ্বজ্যোতি নাথ নামৰ এগৰাকী পূর্বে পৰিবহন বিভাগৰ বিভিন্ন কামৰ লগত জড়িত হৈ থকা যুৱক এগৰাকীয়ে বিগত ৫৬ টা দিন বিভিন্ন কু-কৰ্মবোৰৰ সমাধান বিচাৰি প্ৰতিবাদ কৰি আছে। পিছে, বৰঘৰৰ কোনো কাণসাৰ নাই। কাজিৰঙা ঘটনাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী আৰু পৰিবহণ বিভাগে দেখুওৱা তৎপৰতা দীপাৱলীৰ ফটকা-ফুলজাৰীৰ বাহিৰে আন একো নহয়।

কিয়নো, ব্যৱসায় ভিত্তিত ব্যৱহাৰ কৰা গাড়ীবোৰৰ গতি নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা Speed Limiting Device (SLD) সংযোগ এটা কেৱল ঝুমলা হৈ পৰিল আৰু তাৰ নামত কোনোবা Common Fitment Centre (CFC)ৰ একচেটিয়া মাফিয়াগিৰি চলিল। প্রথম কথা হ’ল; SLD সংস্থাপনৰ ক্ষেত্ৰত এটা প্ৰতিষ্ঠানৰ একচেটিয়া অধিকাৰ কিয় দিয়া হ’ল বা কিয় দিব লগীয়া হ’ল? ২০১৬-১৭ বৰ্ষৰ তদানীন্তন পৰিবহন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ সময়ত আৰম্ভ হোৱা এই অভিযান পৰৱৰ্তীকালত কি কাৰণে ভেকু ভাওনালৈ পর্যবসিত হ’ল? আৰম্ভণিতে বিভিন্ন প্ৰতিষ্ঠানৰ জৰিয়তে বাহনসমূহত Speed Limiting Device সংস্থাপন কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ব্যৱস্থাপনাত Common Fitment Centre (CFC) নামৰ এটা প্রতিষ্ঠানক ৰাজ্যজুৰি বাহনসমূহত SLD সংস্থাপনৰ দায়িত্ব দিয়া কিয় হ’ল? দিলে বাৰু কিবা কাৰণত। কিন্তু, যিকোনো এটা যন্ত্ৰ প্ৰয়োগ কৰাৰ সমান্তৰাল ভাবে মূল কথাটো আহে যন্ত্ৰটোৰ গুণগত মানদণ্ড আৰু সঠিক সময়ত প্রয়োজনীয় মেৰামতি। কিন্তু, অভিযোগ অনুসৰি, বেছি ভাগ বাহনত সংস্থাপন কৰা সেই ডিভাইচ বা যন্ত্রসমূহ সঠিকভারে কার্যক্ষম নাছিল। কেৱল কাগজতহে আছিল। যিকেইটা কার্যক্ষম হৈছিল পিছলৈ প্রয়োজনীয় মেৰামতিৰ অভাৱত বিকল হৈ পৰিল আৰু এই গোটেই প্ৰক্ৰিয়াটো গাড়ীৰ ফিটমেণ্টৰ প্ৰমাণপত্ৰ লাভৰ নামত এক ছিণ্ডিকেটলৈ ৰূপান্তৰিত হৈ পৰিল। কিয়নো সেই CFC নামৰ প্ৰতিষ্ঠানটোৱে সময়মতে অসমৰ বিভিন্ন ঠাইত প্রয়োজনীয় সেরা যোগান ধৰিব নোৱাৰিলে। এতিয়া গুৱাহাটীৰ ISBT ত তেওঁলোকৰ এটা Service Centre আছে যদিও আজিৰ তাৰিখত সেয়া কেৱল হাতীৰ বাহিৰৰ দেখুওৱা দাতঁ দুটাৰ দৰেই কাহিনী বুলি বিভিন্ন জনে আমাক জানিবলৈ দিয়ে। যিটো অনুষ্ঠানে SLD গোটেই অসমৰ গাড়ীবোৰত সংযোগ কৰাৰ ঠিকা লাভ কৰিছিল, তেওঁলোকে অসমৰ বিভিন্ন ঠাইত Service দিব নোৱাৰিলে কিয়? দিব নোৱাৰিলে নে নিদিলে? জোনাই, মার্যেবিটা, লিডু বা অসমৰ দূৰৱৰ্তী অঞ্চলৰ পৰা এখন বাহন SLD পৰীক্ষা বা মেৰামতিৰ বাবে গুৱাহাটীলৈ লৈ অহাটো ব্যৱহাৰিকভাৱে অত্যন্ত অসুবিধাজনক আৰু ব্যয়বহুল। গতিকে, নিজৰ নিজৰ ঠাইত তেনে ব্যৱস্থা কৰাব লাগিছিল নে নাই?

এইবোৰ নকৰাৰ বা কৰাব নোৱাৰা সকল পথ দুর্ঘটনাত মৃত্যু হোৱা লোক সকলৰ হত্যাকাৰী কিয় নহ’ব? সিহঁতে উচিত শান্তি কিয় নাপাব? শান্তিবো বাদেই SLD সংযোগৰ ক্ষেত্ৰত চূড়ান্ত ভাবে ব্যর্থ হোৱা সেই CFC ৰ মূল গলাকী সুজল বৰদলৈ নামৰ দুর্নীতিগ্রস্ত বণিয়াজনকে পুনৰ পৰিবহন বিভাগৰ Automatic Vehicle Tracking and Locating System ৰ কাম কৰিবলৈ দায়িত্ব দিয়া হৈছে। এয়া মুখ্যমন্ত্রী, পৰিবহন বিভাগৰ মন্ত্ৰী-বিষয়া সকলৰ সাধাৰণ জনতাৰ জীৱনৰ সৈতে কৰা ল’ৰা-ধেমালি নহয় যদি কি হয়? মুঠতে অসমৰ মুখ্যমন্ত্ৰী আৰু পৰিবহণ বিভাগে আচলতে মূল সমস্যাটো সমাধান কৰিবলৈ আগ্রহী নহয়। তেওঁলোকে হয়তো এইদৰে দুর্নীতি কৰি ধন-সম্পত্তি গোটোৱা সকলক নিজৰ নিজৰ এজেন্ট হিচাপে ব্যৱহাৰ কৰি আহিছে। সাধাৰণ মানুহৰ জীৱন শেষ হৈ যোৱাতো তেওঁলোকৰ বাবে চাগে নতুন আঁচনি যুগুতাই পুনৰ ধন ঘটাৰ এক সুবিধা মাত্র। চৰকাৰে মূল বিষয়বোৰৰ ওপৰত কাম কৰক। স্বয়ংক্রিয় Fitness Testing ব্যৱস্থাৰ দেখাক দেখি ঠিকেই কৰিছে। কিন্তু, তাতো সকলো মায়াত বন্ধী। বাহনৰ ফিটনেছ পৰীক্ষাৰ নামত অসুবিধা, অতিৰিক্ত খৰচ আৰু মধ্যস্থতাকাৰীৰ জৰিয়তে কাম সমাধান কৰাৰ বিভিন্ন অভিযোগো উত্থাপন হৈছে। এই বিষয়সমূহৰ উচিত তদন্ত হোৱা উচিত। বর্তমান বহু নতুন বাহনত কোম্পানীৰ পৰাই SLD সংস্থাপন কৰি দিয়া হয়। আনহাতে, বহু পুৰণি বাহনত এনে ব্যৱস্থা নাছিল। কিছুমান BS-IV আৰু BS-VI বাহনতো কোম্পানীৰ পৰা SLD সংস্থাপন নোহোৱাকৈ আহে। এনে বাহনসমূহত পিছত Third Party SLD সংস্থাপন কৰিবলগীয়া হয়। কিন্তু সেই ডিভাইচসমূহৰ গুণগত মান, প্রযুক্তিগত উপযোগিতা আৰু কার্যক্ষমতা নিশ্চিত কৰাটো অত্যন্ত প্রয়োজনীয়।

সকলো বাহনৰ বাবে এটা নির্দিষ্ট প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰশীল হৈ থকাৰ পৰিৱৰ্তে চৰকাৰীভাৱে অনুমোদিত একাধিক প্রতিষ্ঠানক এই কাম কৰাৰ সুযোগ দিয়া উচিত আৰু জনতাৰ জীৱন অন্ধকাৰলৈ ঠেলি দিয়া মন্ত্রী-বিষয়া-বণিয়া সকলৰ ওপৰত অনতিপলমে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হওঁক।

Related Articles