Breaking

কামৰূপ মহানগৰ জিলাৰ আমচং চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীলৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা…

0 162

আজি ৬২ সংখ্যক শিক্ষক দিৱস উপলক্ষে শ্ৰীমন্ত শঙ্কৰদেৱ আন্তজাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৰাজ্যিক কৃতী শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত সমগ্ৰ অসমৰ ভিতৰৰ ৩৬ গৰাকী শিক্ষকৰ লগতে কামৰূপ মহানগৰ জিলাৰ আমচং চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীক কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী মাননীয় ডা: ৰনোজ পেগু মহোদয়ে । অসম চৰকাৰৰ দ্বাৰা অসমৰ চাহ বাগান সমূহত নৱনিৰ্মিত আদৰ্শ বিদ্যালয় সমূহৰ ভিতৰত গুৱাহাটী মহানগৰীৰ পূৱ প্ৰান্তত স্থাপিত হোৱা আমচং চাহ বাগিছা আদৰ্শ বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে যোগদান কৰিয়েই বিদ্যালয় বৰ্হিভূত ছাত্ৰ-ছাত্ৰীক বিদ্যালয়মুখী কৰাৰ উদেশ্যে নৃত্য-গীত -অভিনয় -অভিভাৱকৰ মাজত সজাগতা সভা আহবান কৰা , নিয়মীয়া স্বাস্থ পৰীক্ষা পোষণ পৰিপুষ্টি ধপাত বিৰোধী সজাগতা সভা হস্তী মানুহৰ সহৱস্থান সম্বন্ধে সজাগতা সভা , স্থানীয় ঐতিহ্য উদ্ধাৰ এন চি চি ট্ৰুপ গঠন কৰা আদি বিভিন্ন কাৰ্যসূচী গ্ৰহন কৰে ।

নিজৰ বিদ্যালয়ৰ বাহিৰেও চৰকাৰী খণ্ডৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সংগঠিত কৰি অভিনয় , আবৃত্তি, কুইজ , সাধুকোৱা আদি বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে । ইয়াৰে ভিতৰত ছয় গৰাকী ছাত্ৰীয়ে জিলা আৰু ৰাজ্যিক ভিত্তিত কুইজ , আবৃত্তি আৰু সাধুকোৱা প্ৰতিযোগিতাত স্থান লাভ কৰে । তিনি গৰাকী ছাত্ৰীয়ে গুৱাহাটী জিলা পুথিভঁৰাল আৰু ৰৱীন্দ্ৰ ভৱনত নাটকত অভিনয় কৰাৰ সুযোগ লাভ কৰে । ক্ষেত্ৰ পৰ্যায়ত বিশেষভাৱে কাম কৰাৰ বাবে জিলা মিছন সমন্বয়কে শ্ৰেষ্ঠ মণ্ডল সমল কেন্দ্ৰ সমন্বয়কৰ স্বীকৃতি প্ৰদান কৰে । ইয়াৰ উপৰিও বেটি পঢ়াও বেটি বচাওঁ আচনিৰ অধীনত জিলাখনৰ ছাত্ৰীসকলৰ বাবে বিদ্যায়তনিক আৰু সহ: বিদ্যায়তনিক দিশত বিশেষ বৰঙনি আগবঢ়োৱা বাবে জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসন বিভাগে ২০২০ বৰ্ষত লোকেল চেম্পিয়ন হিচাপে সন্মানিত কৰে । চলিত বৰ্ষত বিদ্যালয়ৰ দুগৰাকী ছাত্ৰী আৰু চাৰিজন ছাত্ৰই জিলা পৰ্যায়ত অনুষ্ঠিত হোৱা ফুটবল খেলত অংশ গ্ৰহন কৰি সুনাম কঢ়িয়াই আনে । অসমীয়াসাহিত্য, বুৰঞ্জী, সমাজ শাস্ত্ৰ , শিক্ষা, অসমীয়া ভাষা আদি পাঁচটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা গোস্বামীয়ে বি এড , ডি এল এড লগতে টেট পৰীক্ষাও উত্তীৰ্ন হয় । ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা প্ৰশিক্ষণ পৰিষদ নিউ দিল্লীয়ে আয়োজন কৰা কৰা ২৬ তম ৰাষ্ট্ৰীয় চিলড্ৰেন অডিঅ ভিডিও মহোৎসৱত ৭৫০ গৰাকী প্ৰতিযোগীৰ ভিতৰত উপেন গোস্বামীৰ দ্বাৰা নিৰ্মিত পানী শীৰ্ষক ই কনণ্টেন ভিডিঅটিয়ে শ্ৰেষ্ঠ ভিডিঅৰ খিতাপ অৰ্জন কৰে । ইয়াৰ উপৰিও অসম সাহিত্য সভাৰ বৰপেটা ৰোড অধিৱেশন উদযাপন সমিতিৰ উদ্যোগত সদৌ অসম ভিত্তিত আয়োজিত ছপা গ্ৰন্থ প্ৰতিযোগিতাত বুফেৰ সৈতে এদিন গল্প পুথিখনে শ্ৰেষ্ঠ গল্প পুথিৰ বঁটা লাভ কৰে ।

অসম সাহিত্য সভাৰ গুৱাটী অধিৱেশনত শ্ৰেষ্ঠ শিশু নাট্যকাৰৰ বঁটা লাভ কৰে । ইতিমধ্যে গোস্বামীয়ে ছয়খনকৈ মৌলিক গ্ৰন্থ লিখাৰ লগতে দহখন আলোচনী স্মৃতি গ্ৰন্থ সম্পাদনা কৰে । জিলা পৰ্যায়ৰ এগৰাকী সমল ব্যক্তি হিচাপে প্ৰশিক্ষণৰ মডিয়ুল প্ৰস্তুতকৰণ বিভিন্ন সময়ত শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে জিলা আৰু খণ্ড পৰ্যায়ত শিক্ষা বিভাগৰ অনুষ্ঠানত ঘোষক হিচাপেও দায়িত্ব পালন কৰে । এগৰাকী স্কাউট মাষ্টাৰ হিচাপে ছাত্ৰ-ছাত্ৰীক ড্ৰিল-ব্যায়াম শিকোৱাৰ লগতে ৰাষ্ট্ৰীয় আৰু জাতীয় সংগীত শুদ্ধ ৰূপত পৰিৱেশন কৰিব পাৰে তাৰ বাবে নিজৰ বিদ্যালয়ৰ লগতে জিলাখনৰ কেইবাখনো বিদ্যালয়ত প্ৰাত:সভাত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । পৰিৱেশ সজাগতা , কু-সংস্কাৰ -অন্ধ বিশ্বাস বিৰোধী , শিক্ষাৰ অধিকাৰ আইন, মানৱ অধিকাৰ আইন ইত্যাদি বিষয়ক সজাগতামূলক নাটক ৰচনা কৰি জিলাখনৰ কেইবাখনো বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰিৱেশন কৰিছে । ক’ভিড ১৯ৰ লকডাউনৰ সময়ছোৱাত ইউটিউব চেনেল যোগে অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদানৰ ভিডিঅ প্ৰস্তুত কৰি প্ৰচাৰ কৰাৰ লগতে বৰ্তমান পৰ্যন্ত সেইধাৰা অব্যাহত ৰাখিছে । অসম ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত লকডাউনৰ সময়ছোৱাত ই কনণ্টেন ভিডিঅ ৰ বাবে কৰা পাঠদান দূৰদৰ্শন আৰু দীক্ষা এপছ যোগে সম্প্ৰচাৰিত হৈ আছে । শিক্ষকতা বৃত্তিৰ সমান্তৰাল ভাৱে গোস্বামী কেইবাটাও সাহিত্য-সংস্কৃতিৰ সংগঠনৰ সৈতে জড়িত । অসম সাহিত্য সভা আৰু অসম নাট্য সন্মিলনৰ আজীৱন সভ্য হোৱাৰ লগতে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ পৰম সন্মানীয় সদস্য । প্ৰধান শিক্ষক উপেন গোস্বামীৰ এই সন্মান প্ৰাপ্তিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , অভিভাৱক আৰু লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল উৎফুল্লিত হৈ পৰিছে ।

Leave A Reply