বৰপেটাৰ বহৰিত থিয়েটাৰ সূৰ্য্যৰ নাট্য যাত্ৰাৰ মঞ্চ উদ্বোধন গৰিমা শইকীয়া গাৰ্গৰ

বৰপেটাৰ বহৰিত থিয়েটাৰ সূৰ্য্যৰ নাট্য যাত্ৰাৰ মঞ্চ উদ্বোধন গৰিমা শইকীয়া গাৰ্গৰ।

বৰপেটাৰ বহৰিৰ হৰিদেৱ ক্ষেত্ৰত ২০২৬-২০২৭ বৰ্ষৰ থিয়েটাৰ সূৰ্য্যৰ নাট্যযাত্ৰাৰ মঞ্চ উদ্বোধক হিচাপে উপস্থিত থাকে গৰিমা শইকীয়া গাৰ্গ।

শুকুৰবাৰে থিয়েটাৰ সূৰ্য্যই অভিজিৎ ভট্টাচাৰ্য্যই জুবিন অনুৰাগীক লৈ লিখা নাট “মায়াহীনৰাতিৰ কোলাত” নাটখন মঞ্চস্থ কৰা হয়।

জুবিন গাৰ্গৰ অনুৰাগীক লৈ লিখা ‘মায়াহীন ৰাতিৰ কোলাত’ নাটখন দৰ্শকৰ মাজত জুবিন গাৰ্গৰ বাবে বিশেষভাবে সংৰক্ষিত কৰি ৰখা এখন চকীৰ কাষত বহি উপভোগ কৰিলে গৰিমা শইকীয়া গাৰ্গে।

মঞ্চ মুকলিৰ পূৰ্বে গৰিমা গাৰ্গে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে।

এগৰাকী জুবিনক হেৰুৱালেও তেওঁৰ সৃষ্টি আৰু আদৰ্শৰ মাজেৰে হাজাৰ জুবিন অনুৰাগীক দেখা পাইছে বুলি অনুভৱ প্ৰকাশ কৰে গৰিমা গাৰ্গে।

জুবিন গাৰ্গক ইতিমধ্যে ৰাইজে অমৰত্ব প্ৰদান কৰিছে লগতে জুবিনৰ আদৰ্শ আগত লৈয়ে আগবাঢ়ি গৈছে বুলি কয় গৰিমা গাৰ্গে।

থিয়েটাৰ সূৰ্যৰ আজিৰ মঞ্চ মুকলি অনুস্থানত গৰিমা গাৰ্গৰ লগতে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য, থিয়েটাৰ সূৰ্যৰ প্ৰযোজক মুনীন্দ্ৰ বৰ্মণ, বহৰি সত্ৰ পৰিচালনা সমিতিৰ সভাপতি সোমনাথ তালুকদাৰ উপস্থিত থাকে।

Related Articles