Breaking

কি আজৱ ঘটনা,মৃত মহিলাক সৎকাৰ কৰিবলৈ যা-যোগাৰ কৰোতেই পুনৰ জী উঠিল মহিলা

0 557

সমগ্ৰ বিশ্বনাথত এই আজব ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে

:এগৰাকী মহিলাৰ মৃত্যু হোৱা বুলি সৎকাৰ কৰিবলৈ খৰি খেৰ যা-যোগাৰ কৰাৰ সময়তে পুনৰ জী উঠা এক আজব ঘটনাই বিশ্বনাথত চাঞ্চল্যৰ সৃষ্টি কৰিছে।এই আজব ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ গলিয়াত।জানিব পৰা মতে কাণৰ বিষ আৰু মূৰৰ বিষ আৰু জণ্ডিচত আক্ৰান্ত হোৱাত বিভেন ভূঞাৰ পত্নী চুমী ভূঞাক বিশ্বনাথৰ মহকুমা চিকিৎসালয়ত ভৰ্তি কৰা হয়।ইতিমধ্যে চুমীৰ অৱস্থা অৱনতি ঘটাত যোৱা নিশা চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে।কিন্তু নিশা গাজনি-ঢেৰেকনি লগতে বৰষুণৰ বাবে বিভেনে পত্নীক উন্নত চিকিৎসা যা যোগাৰ কৰাৰ সময়তে অচেতন হৈ পৰে চুমী।ইতিমধ্যে লেবেজান হৈ পৰা চুমীৰ মৃত্যু হোৱা বুলি ঘৰলৈ লৈ অনা হয়।চুমীক আনকি ঘৰৰ বাহিৰতে থৈ সৎকাৰৰ বাবে সাঙী,চিতা আদি শ্মশানত সজাও হয়।চুমীৰ আত্মীয় তেজপুৰৰ পৰা ঢপলিয়াই ভগ্নীৰ কাষত উপস্থিত হয়হি।সাঙী ভাৰ কৰি নিয়াৰ সময়তে গাঁওখনৰ সচেতন লোকে মৃত্যু সন্দৰ্ভত প্ৰশ্ন কৰাৰ পিছত চুমীৰ মুখত পানী দিয়াত জী থকাৰ কথা উন্মোচিত হয়।লগে লগে হুৱা দুৱা লাগে।তৎক্ষণাৎ চুমীক পুনৰ চিকিৎসালয়লৈ অনা হৈছে।মৃত্যু নোহোৱাকৈ মৃত্যু হোৱা বুলি এগৰাকী মহিলাক সৎকাৰ কৰাৰ পৰ্যায়লৈ নিয়া এই চাঞ্চল্যকাৰী ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Leave A Reply