কুমাৰ ভাস্কৰ বৰ্মা সেতুত অঘটন।
কুমাৰ ভাস্কৰ বৰ্মা সেতুত চেলফি তুলিবলৈ গৈ ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন এজন যুৱক।
পৰিয়ালৰ সৈতে চেলফি তুলি থকা অৱস্থাত দলঙৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল যুৱকজন।
যুৱকজনৰ নাম মিৰাজুল হক।
গোৱালপাৰাৰ লক্ষীপুৰৰ যুৱকজনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই নদী আৰক্ষী।
গোৱালপাৰা লক্ষীপুৰৰ পৰা গুৱাহাটীলৈ পৰিয়ালৰ সৈতে আহিছিল ফুৰিবলৈ।
বৰ্তমান সন্ধান নাই ১৬ বছৰীয়া মিৰাজুল হকৰ।

