কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃ মিষ্ট প্ৰসাদ সোণোৱালৰ দেহাৱসান।
দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল মিষ্ট প্ৰসাদ সোণোৱাল।
ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ।
প্ৰয়াত মিষ্ট প্ৰসাদ সোণোৱাল আছিল SBIৰ প্ৰাক্তন মহাপ্ৰবন্ধক।
দীৰ্ঘদিনে মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল মিষ্ট প্ৰসাদ সোণোৱাল।
শনিবাৰে চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্য়াগ কৰে মিষ্ট প্ৰসাদ সোণোৱালে।
জ্যেষ্ঠ ভাতৃৰ মৃত্যুত শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
তেওঁ সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি লিখে যে আজি মোৰ জীৱনৰ এক গভীৰ শূন্যতাৰ দিন!
মোৰ জ্যেষ্ঠ ভাতৃ, ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া শ্ৰদ্ধাৰ মিষ্ট প্ৰসাদ সোণোৱালদেৱ আৰু আমাৰ মাজত নাই। কিছুসময়ৰ পূৰ্বে তেওঁ এই ইহসংসাৰ ত্যাগ কৰি স্বৰ্গগামী হয়। তেওঁ আছিল মোৰ জীৱনৰ অন্যতম পথ-প্ৰদৰ্শক, অফুৰন্ত সাহস আৰু প্ৰেৰণাৰ উৎস।
শৈশৱৰপৰাই জীৱনৰ খোজে খোজে ককাইদেউৰ স্নেহ, অনুশাসন, ত্যাগ আৰু মূল্যবোধে মোক সঠিক পথত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল। মানুহৰ দুখ-বেদনা অনুভৱ কৰিবলৈ, সমাজ আৰু দেশৰ হকে নিষ্ঠা, সততা আৰু দায়িত্ববোধেৰে কাম কৰি যাবলৈ তেওঁ মোক সদায় প্ৰেৰণা যোগাইছিল।
ককাইদেউ কায়িকভাৱে আমাৰ মাজত নাথাকিলেও তেওঁৰ আদৰ্শ আৰু আশীৰ্বাদ প্ৰতিটো ক্ষণতে মোৰ লগত থাকিব।
ককাইদেউৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। ককাইদেউ, আপুনি য’তেই আছে, চিৰশান্তিত থাকক… আমি আজি অত্যন্ত মৰ্মাহত, গভীৰভাৱে শোকাহত…
ঔঁ শান্তি!

