কেন্দ্ৰীয় স্বাস্থ্য পৰিষদৰ বৈঠকত স্বাস্থ্যমন্ত্ৰী অশোক সিংহল ডিজিটেল স্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰিবলৈ নতুন পদক্ষেপৰ শুভাৰম্ভ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ ১৬ সংখ্যক বৈঠকত সোমবাৰে অসমৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে.পি. নাড্ডাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্য মন্ত্ৰীসকল উপস্থিত থাকে।

বৈঠকত দেশৰ স্বাস্থ্য ব্যৱস্থাক অধিক ডিজিটেল, আধুনিক আৰু জনমুখী কৰি তোলাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ ভিতৰত এনিমিয়া মুক্ত ভাৰত অভিযানৰ অধীনত সম্প্ৰসাৰিত ইউনিফাইড হেলথ ইণ্টাৰফেচ (UHI), আৰোগ্য সেতু ২.০ক একক ৰাষ্ট্ৰীয় স্বাস্থ্য এপ হিচাপে নতুন ৰূপত মুকলি কৰা, আয়ুষ্মান সাৰথি নামৰ হোৱাটছএপভিত্তিক চেটবুট আৰু সৰু ক্লিনিকসমূহৰ বাবে ই শ্ৰুতি ক্লিনিক, ডিজিটেল স্বাস্থ্য ব্যৱস্থাপনা প্লেটফৰ্ম উল্লেখযোগ্য।

বৈঠকৰ পাছত স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে কয় যে, এই পদক্ষেপসমূহে দেশৰ স্বাস্থ্য খণ্ডত ডিজিটেল ৰূপান্তৰৰ নতুন অধ্যায় সূচনা কৰিব। বিশেষকৈ অসমৰ দৰে বৃহৎ ভৌগোলিক বিস্তৃতি থকা ৰাজ্যত দূৰ-দূৰণিৰ লোকসকলৰ ওচৰলৈ সহজ, স্বচ্ছ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা আগবঢ়োৱাত এই ব্যৱস্থাসমূহে বিশেষ ভূমিকা পালন কৰিব।

উল্লেখযোগ্য যে, বৈঠকত ৰাজ্যসমূহৰ মাজত স্বাস্থ্য খণ্ডৰ বিভিন্ন অভিজ্ঞতা বিনিময়ৰ লগতে ডিজিটেল স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ, ৰোগ প্ৰতিৰোধ, স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু জনকল্যাণমূলক আঁচনিৰ অধিক ফলপ্ৰসূ ৰূপায়ণৰ বিষয়েও আলোচনা কৰা হয়।স্বাস্থ্য খণ্ডৰ আধুনিকীকৰণৰ দিশত এই পদক্ষেপসমূহে আগন্তুক দিনত চিকিৎসা সেৱা অধিক সুলভ আৰু সহজলভ্য কৰাৰ লগতে সাধাৰণ ৰাইজক উন্নত স্বাস্থ্যসেৱা প্ৰদানত উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

Related Articles