Breaking

কেবিনেট মন্ত্ৰীসকলৰ সৈতে আলোচনা প্ৰধানমন্ত্ৰীৰ বিশেষ ৰে’ল চলাচলত অনুমোদন

0 64

অনলাইন বাৰ্তা, ১ মে’ঃ বৰ্তমানে অব্যাহত থকা লকডাউন অহা ৩ মে’ত অন্ত পৰাৰ আগমুহূৰ্তত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেবিনেট মন্ত্ৰীসকলৰ সৈতে এক আলোচনা সভাত মিলিত হয়৷ এই সভাত প্ৰব্ৰজন কৰা শ্ৰমিকসকলক নিজৰ গৃহ ৰাজ্যলৈ পঠাবৰ বাবে বিশেষ ৰে’ল চলাচল কৰাৰ বিষয়ে আলোচনা কৰে৷ ইয়াৰ লগতে পুনৰ বিমান চলাচল কেতিয়া আৰু কিদৰে কৰা হ’ব সেই বিষয়েও আলোচনা কৰে৷ এই সভাৰ পাছতে লকডাউনৰ বাবে দেশৰ বিভিন্ন ঠাইত আবদ্ধ প্ৰব্ৰজন কৰা শ্ৰমিক, তীৰ্থ যাত্ৰী, পৰ্যটক, ছাত্ৰ-ছাত্ৰী আৰু আন লোকক আনিবৰ বাবে গৃহ মন্ত্ৰালয়ে বিশেষ ৰে’ল চলাচলৰ অনুমোদন কৰে৷ ৰে’ল মন্ত্ৰালয়ৰ অন্তৰ্গত ভাৰতীয় ৰে’লৰ দ্বাৰা এই কাম কৰা হ’ব আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগত সমন্বয় ৰাখিবৰ বাবে ন’ডেল বিষয় থাকিব৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ২৭ এপ্ৰিলত মুখ্যমন্ত্ৰীসকলৰ সৈতে অৰ্থনৈতিক অৱস্থা, ক’ভিড-১৯ৰ সৈতে হোৱা যুঁজৰ লগতে পৰবৰ্তী পদক্ষেপৰে বিষয়ে আলোচনা কৰিছিল৷ এই সভাত গৃহ মন্ত্ৰী অমিত স্বাহ, ৰে’ল মন্ত্ৰী পিযুষ গোৱেল আৰু বিমান পৰিবহণ মন্ত্ৰী হৰদীপ পুৰি উপস্থিত আছিল৷ আনহাতে ঘৰুৱাভাৱে চলাচল কৰা ব্যক্তিগত কোম্পানীবোৰে চৰকাৰৰ সংকেতলৈ বাট চাই আছে৷ অতি সোনকালে এই কোম্পানীবোৰে চৰকাৰৰ সেউজ সংকেত পাব বুলি প্ৰাপ্ত সূত্ৰই লগতে কয়৷ অৱশ্যে এই বিমান চলাচলত ব্যক্তিগত কোম্পানীবোৰে সামাজিক দূৰত্ব ৰক্ষা কৰা আৰু ক’ভিড-১৯ ৰোধ কৰাৰ ক্ষেত্ৰত কঠোৰ নিয়ম মানিব লাগিব৷ উল্লেখ্য যে ৩০ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে কেইবাখনো মাৰাথন মিটিং কৰি অৰ্থনৈতিক অৱস্থা উন্নতিৰ বাবে আলোচনা কৰিছিল৷ এই সভাত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন, গৃহ মন্ত্ৰী অমিত শ্বাহ আদি উপস্থিত আছিল৷

Leave A Reply