কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ পদৰ পৰা পদত্যাগ। ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হ’ব ডি কে শিৱকুমাৰ। শেহতীয়াকৈ নতুন দিল্লীত কংগ্ৰেছ পাৰ্টিৰ হাইকমাণ্ড বৈঠকত এই কথা সহমতত উপনীত হয়। বৃহস্পতিবাৰে দিনৰ প্ৰায় ২:৩০ বজাত বেংগালুৰুত উপস্থিত হয় মুখ্যমন্ত্ৰী সিদ্ধাৰমায়াই লোকভৱনত ৰাজ্যপাল থাৱাৰচন্দ গেহলটক সাক্ষাৎ কৰিবলৈ। ৰাজ্যপালগৰাকী বৰ্তমান লোকসভা ভৱনত নথকাৰ বাবে আজি সন্ধিয়া বেংগালুৰুত উপস্থিত হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। ৰাজ্যপালৰ বিশেষ সম্পাদক প্ৰভু শংকৰক পদত্যাগ পত্ৰ দাখিল কৰিছে সিদ্ধাৰমাইয়াই। তেওঁ ৰাজ্যপাল ঘূৰি অহাৰ পিছতহে গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।
সিদ্দাৰামায়াই পদত্যাগে তেওঁৰ সমৰ্থকসকলক ক্ষুব্ধ কৰি তুলিছে আৰু বেংগালুৰুৰ কেইবাটাও স্থানত প্ৰতিবাদৰ সূচনা হৈছে। খবৰ অনুসৰি কাইলৈ কৰ্ণাটকৰ বিধায়িনী দলৰ বৈঠক হোৱাৰ সম্ভাৱনা আছে, য’ত ডি কে শিৱকুমাৰ নেতা নিৰ্বাচিত হ’ব পাৰে। কৰ্ণাটকত কংগ্ৰেছ দলৰ এই পদক্ষেপ লোৱা হৈছে ঠিক সেই সময়তে আগন্তুক দিনত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। তদুপৰি খালী হোৱা বিধান পৰিষদৰ আসনৰ বাবেও পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে।
মুখ্যমন্ত্রী পদৰ পৰা পদত্যাগ দাখিল কৰাৰ পাছত সিদ্দাৰমায়াই বেংগালুৰুত সংবাদমেল সম্বোধন কৰে৷ সংবাদমেলৰ সময়ত তেওঁ কয় যে, “মই মোৰ পদত্যাগ পত্ৰ ৰাজ্যপালৰ সচিবৰ ওচৰত দাখিল কৰিছো। মই হাই কমাণ্ডৰ নিৰ্দেশ মানি চলিছো। মোক পদত্যাগ কৰিবলৈ কোৱা হৈছিল।” সিদ্দাৰমায়াক পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব বুলি সোধাত তেওঁ ডি কে শিৱকুমাৰলৈ আঙুলিয়াই কয় যে, “মই ইতিমধ্যে নতুন দিল্লীক জনাইছিলোঁ যে মই বৃহস্পতিবাৰে পদত্যাগ কৰিম। আজি মই পদত্যাগ পত্ৰ দাখিল কৰিলোঁ। আজি সন্ধিয়া বেংগালুৰুত উপস্থিত হোৱাৰ পিছত পদত্যাগ গ্ৰহণ কৰিম বুলি কৈছিলো।”

