কৰ্মস্থলীলৈ গৈ সন্ধানহীন মঙলদৈৰ SSBত কৰ্মৰত জোৱান

কৰ্মস্থলীলৈ গৈ সন্ধানহীন মঙলদৈৰ SSBত কৰ্মৰত জোৱান। পৰিয়ালত হাহাকাৰ, পিতৃক বিচাৰি পুত্ৰ পালগৈ দিল্লী।

মংগলদৈ থানাৰ অন্তৰ্গত সৰু থেকেৰাবাৰী গাঁৱৰ SSBত কৰ্মৰত শৰৎ ডেকা সন্ধানহীন হৈ আছে। চলিত মাহৰ ১২ তাৰিখে ঘৰৰ পৰা কৰ্মস্থলী গৈ থকা অৱস্থাত দিল্লীৰ পৰা সন্ধানহীন হয় জোৱান জন।


দিল্লী ৰে’লৱে ষ্টেচনত নামি ঘৰলৈ ফোন কৰি হোটেলত ভাত পানী খাই ঋষিকেশলৈ বাছৰ টিকট কটাৰ পিছত কোনো সন্ধান নাই এই লোকজনৰ। কোনোবাই যদি সন্ধান পায় – 6001503243 এই নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। পত্নীয়ে ইতিমধ্যে মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিছে।

Related Articles