Breaking

গাঁৱে গাঁৱে জ্ঞান আলোড়ন শীৰ্ষক পাঠদান কাৰ্যসূচী কাকডোঙা আছুৰ

0 121

কাকডোঙাসমগ্ৰ বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত সমগ্ৰ বিশ্বৰ আন আন প্ৰান্তৰ লগতে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰো শিক্ষা জীৱনত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। যদিও অনলাইন পাঠদানৰ ব্যৱস্থা কৰা হৈছে, ইয়াৰ জৰিয়তে সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পৰা নাই। কাৰণ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এনড্ৰইড ফোন ক্ৰয় কৰাটো সম্ভৱ নহয়। এনে জটিল সময়ত শিক্ষাৰ পৰা বঞ্চিত হোৱা ছাত্ৰ-ছাত্ৰীৰ  প্ৰতি লক্ষ্য ৰাখি কাকডোঙা আঞ্চলিক ছাত্ৰ সন্থাই ২৮ এপ্ৰিলৰ পৰা জ্ঞান আলোড়ন নামাৰে ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীক সাঙুৰী সৰু সৰু গোটৰ সমষ্টি কৰি কাকডোঙাৰ প্ৰতিখন গাঁৱতে এই কাৰ্যসূচী আৰম্ভ কৰিছে। কাকডোঙা আঞ্চলিক ছাত্ৰ সন্থাৰ লক্ষ্য এই লকডাউনৰ সময়ছোৱাত যাতে ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যায়তনিক দিশটোৰ অভ্যাসটো যাতে হেৰাই নাযায় আৰু কাকডোঙা অঞ্চলৰ কৃৰ্তি ছাত্ৰ-ছাত্ৰীসকলে প্ৰজ্ঞাৰ সাধনাৰে অসমৰ বিভিন্ন স্থানৰ পৰা বুটলি অনা জ্ঞানৰ মৌ মুকুটাসমূহ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলক বিলাবলৈ সক্ষম হয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই জ্ঞান আলোড়ন কাৰ্যসূচী আৰম্ভ কৰা হয়৷ কাকডোঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাৰ্গৱ শইকীয়াই এই কথা জানিবলৈ দিয়াৰ লগতে এই ক্ষেত্ৰত সহায় কৰা শিক্ষাগুৰু আৰু শিক্ষিত যুৱ সমাজক ধন্যবাদ জনাইছে।

Leave A Reply