গুৱাহাটীত প্ৰথমবাৰৰ বাবে কেন্সাৰ চাৰভাইভৰচিপ কনফাৰেন্স

গুৱাহাটীৰ হোটেল অৰ্ণেটত প্ৰতিশ্ৰুতি কেন্সাৰ এণ্ড পেলি‌য়েটিভ ট্ৰাষ্টে সুচিত্ৰা ব্ৰেস্ত কেন্সাৰ প্ৰজেক্টৰ অধীনত এখনি কেন্সাৰ চাৰভাইভৰচিপ কনফাৰেন্স(Cancer Survivorship Conference) অনুষ্ঠিত কৰে। কনফাৰেন্সৰ আদৰণি ভাষণ প্ৰদান কৰি প্ৰতিশ্ৰুতিৰ অবৈতনিক প্ৰকল্প সঞ্চালক ডা: গায়ত্ৰী গগৈয়ে কেন্সাৰ প্ৰতিৰোধী যুঁজ খনত কেন্সাৰ বিজয়ী সকলৰ একত্ৰিত ভুমিকাই এক সবল পদক্ষেপৰ আৰম্ভণি কৰিব বুলি আশা কৰিব পাৰি বুলি জনাই। মুখ্য অতিথি ডা: ভুৱনেশ্বৰ বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ সঞ্চালক ডা: অমল কটকীয়ে কেন্সাৰ ৰোগটোৰ বিভিন্ন দিশত আলোকপাত কৰে, বিশিষ্ট সাংবাদিক ড. প্ৰশান্ত জ্যোতি বৰুৱাই তেখেতৰ ভাষণত চৰকাৰে কেন্সাৰ ৰোগৰ চিনাক্তকৰণত গুৰুত্ব প্ৰদান কৰিব লাগে আৰু কেন্সাৰ ৰোগক নটিফাইড ৰোগ ৰূপে চিহ্নিত কৰিব লাগে বুলি মত প্ৰকাশ কৰে।

পেলিয়েটিভ কেয়াৰৰ আন্তৰ্জাতিক ক্ষেত্ৰখনত এক অতি চিনাকি আৰু উল্লেখযোগ্য নাম জিলী বাৰ্ণ ক প্ৰতিশ্ৰুতিৰ “ড. প্ৰহ্লাদ কুমাৰ বৰুৱা বিশিষ্ট উপশমী সেৱা বঁটা” প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি জিলী বাৰ্ণ এ প্ৰতিশ্ৰুতি লগতে অসম আৰু ভাৰতৰ লগত তেখেতৰ সম্পৰ্কৰ কথা উল্লেখ কৰে। বাংগালুৰুৰ নেশ্যনেল ইনষ্টিটিউট অফ ফেশ্বন টেকন’লজীৰ সহ- অধ্যাপিকা নীলাঞ্জনা বৈৰাগীয়ে ডিজাইন কৰি ওলিওৱা কেন্সাৰ ৰোগী বিশেষকৈ স্তনৰ কৰ্কট ৰোগীৰ বাবে অতিশয় প্ৰয়োজনীয় এটি বিশেষ ডিজাইনৰ গাৰু”জিলী জয় পিল’- Jilly Joy Pillow” শুভ উন্মোচন কৰা হয়।কনফাৰেন্সৰ আয়োজক হেল্থ চিটী হাস্পতালৰ মুৰব্বী অংক চাৰ্জন ডা: পংকজ ডেকাই শলাগৰ শৰাই আগবঢ়ায়।


প্ৰসিদ্ধ গায়িকা জীনা ৰাজকুমাৰীকে মুখ্য কৰি বহু কেন্সাৰ ৰোগৰ চাৰভাইভৰে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা কাৰ্য সূচীত সুচিত্ৰা ব্ৰেষ্ট কেন্সাৰ প্ৰজেক্টৰ অন্যতম মুখ্য পৰিচালক ড. বাবুল পাঠকে এই প্ৰজেক্টৰ বিষয়ে বিৱৰি কয়। প্ৰতিশ্ৰুতিৰ সম্পাদক পান্না ভৰালীয়ে কেন্সাৰ বিজয়িনী ৰূপে এই দিশত ল’ব লগা সাৱধানতা সম্পৰ্কে সকলোকে অৱগত কৰে।

Related Articles