জনকল্যাণ ছ’চাইটী আৰু সাংস্কৃতিক বিদ্যালয়, অসমৰ উদ্যোগত সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ প্ৰেক্ষাগৃহত সম্বদ্ধৰ্না অনুষ্ঠানঃ গৱেষক, বিজ্ঞানী ডাঃ সুদৰ্শিনী নাথক বিশেষ সম্বৰ্ধনা

জনকল্যাণ ছ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয়, অসমৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিস্থিত ‘সদৌ অসম সাংবাদিক কল্যাণ ন্যাস’ৰ প্ৰেক্ষাগৃহত দেওবাৰে এটা সম্বদ্ধৰ্না অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অনুষ্ঠানত গৱেষক তথা বিজ্ঞানী ডাঃ সুদৰ্শিনী নাথক এখন মানপত্ৰ, ফুলাম গামোচা, জাঁপি আৰু এখন শৰাইৰে বিশেষ সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানত বিশিষ্ট চিকিৎসক, সাংস্কৃতিক কৰ্মী ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে বিশিষ্ট অতিথিৰ ভাষণত কয়- ডাঃ সুদৰ্শিনী নাথে কঢ়িয়াই অনা এই সফলতা জাতিটোৰ বাবে শুভ লক্ষণ৷ তেওঁ জাতিটোৰ বাবে কাম কৰক৷ এনেদৰে সন্তানক গঢ় দিয়া বাবে পিতৃ মাতৃক ধন্যবাদ জনালো তেওঁৰ মনটো যাতে সদায় উজ্জ্বল হৈ থাকে তাৰে কামনা কৰিলো৷ আৰ্তনক সহায়ৰ হাত আগবঢ়াবলৈ তেওঁ যাতে সদায় প্ৰস্তুত থাকে তাৰে আশা কৰিলোঁ৷ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ৷ এই অনুষ্ঠানৰ আয়োজন কৰা বাবে উদ্যোক্তাসকলক ধন্যবাদ জনালো৷’ ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে লগতে ড॰ ভূপেন হাজৰিকাৰ এটা গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে৷ অনুষ্ঠানত জনকল্যাণ ছ’চাইটিৰ উপ-সভাপতি অমিতাভ বৰুৱা, দৈনন্দিন বাৰ্তাৰ স্বত্বাধিকাৰী শংকৰ গোহাঁই, বিশিষ্ট সাহিত্যিক অৱনী ভাগৱতী, গৱেষক তথা বিজ্ঞানী ডাঃ সুদৰ্শিনী নাথৰ পিতৃ গুৰু প্ৰসাদ নাথ, মাতৃ তথা জ্যেষ্ঠ সাংবাদিক গীতাঞ্জলি বৈশ্যৰ নাথ উপস্থিত থাকি বক্তব্য আগবঢ়ায়৷ আনহাতে ডাঃ সুদৰ্শিনী নাথে নিজৰ অভিজ্ঞতা ব্যক্ত কৰা৷ উল্লেখ্যী, ডাঃ সুদৰ্শিনী নাথে দক্ষিণ কোৰিয়াত সফলতাৰে পি এইছ ডি ডিগ্ৰী লাভ কৰি অসমলৈ সু-নাম কঢ়িয়াই আনিছে৷ তেওঁৰ গৱেষণাৰ বিষয় আছিল–“Devolopment and Characterization of photocrosslinkable three dimensional hydrogel based bioprinted platforms for dental tissue engineering applications””–দক্ষিণ কোৰিয়াৰ হালিম বিশ্ববিদ্যালয়ত(Hallym university)১৯ আগষ্টত২০২৬ বৰ্ষৰ এক গাম্ভীৰ্যপূৰ্ণ পৰিবেষত তেওঁক সন্মানপূৰ্বক ভাৱে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। উল্লেখ‍্য‍, তেওঁ মলিকুলাৰ মেডিচিন(Major in Moleculer Medicine)বিষয়ত এই উচ্চ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। ২০২৩চনৰ ২২ফেব্ৰুৱাৰীত এই একেখন বিশ্ব বিদ্যালয়ৰ পৰা তেওঁ এম এছ(Major in bio medical Science)ডিগ্ৰী লাভ ক ৰে। এম এছ ডিগ্ৰীৰ বিষয় আছিল””Study on the effect of Tuberosim on osteoblasts”,ডা:সুদৰ্শিনী নাথ এগৰাকী দন্ত চিকিৎসক হিচাবে অসমত অৱদান আগবঢ়াই,২০২১ বৰ্ষত।উল্লেখ্য, এই অনুষ্ঠানতে জ্যেষ্ঠ সাংবাদিক৷ গীতাঞ্জলি বৈশ্য নাথৰ ওপজা দিন উপলক্ষে কেক কটা হয় আৰু উপস্থিত সকলোৱে তেওঁৰ সু-স্বাস্থ্য কামনা কৰে৷ অনুষ্ঠানত জনকল্যাণ ছ’চাইটিৰ সভাপতি কুমুদ নাথে শলাগৰ শৰাই আগবঢ়ায়৷ অনুষ্ঠানত বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

Related Articles