গুৱাহাটী বিশ্ববিদ্যালয়ত সৃষ্টিশীল লিখনিৰ কৰ্মশালা আৰু সাহিত্য প্ৰতিযোগিতা সম্পন্ন

নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সাংবাদিকতাৰ ক্ষেত্ৰত সাহিত্যৰ ভূমিকা আৰু সৃষ্টিশীল লিখনিৰ বিকাশৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সাহিত্য ক্লাব ‘লিট্. ডিচিজে. জি.ইউ.’ৰ উদ্যোগত এখন বিশেষ কৰ্মশালা আৰু সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিভাগীয় মুৰব্বী অধ্যাপক ড০ অংকুৰণ দত্তৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে বিশিষ্ট সাংবাদিক দিলীপ চন্দন গোস্বামী আৰু সাহিত্যিক প্ৰাঞ্জল শৰ্মা বশিষ্ঠই সৃষ্টিশীল লিখনিৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশ আলোকপাত কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত সাংবাদিক নিত্য বৰাৰ স্মৃতিত মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্বৰচিত কবিতা আবৃত্তি, গল্প কথন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ড০ জাকিৰুল আলমৰ সঞ্চালনা আৰু পৰীস্মিতা গোস্বামীৰ পৰিচালনাত সম্পন্ন হোৱা এই অনুষ্ঠানত কুইজ প্ৰতিযোগিতাখন ড০ আলমে পৰিচালনা কৰে। বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰ আৰু উপহাৰেৰে পুৰস্কৃত কৰা বটা বিতৰণী অনুষ্ঠান পৰিচালনা কৰে অধ‍্যাপক ড০ চন্দন কুমাৰ গোস্বামীয়ে। শেষত ড০ আলমে শলাগৰ শৰাই আগবঢ়াই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তৰ শিকন পদ্ধতিত সাহিত্য-সংস্কৃতিৰ গুৰুত্বক প্ৰশংসা কৰাৰ লগতে সকলোৰে সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

Related Articles