গুৱাহাটী মহানগৰীত অপহৰণৰ ঘটনাঃ বিৰুবাৰীৰ পৰা অপহৰণ এজনক

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণৰ ঘটনা।

বিৰুবাৰীৰ পৰা অপহৰণ ভাস্কৰ মেধী নামৰ এজন ব্যৱসায়ীক।

নাগালেণ্ডৰ পঞ্জীয়নভুক্ত এখন স্কৰপিঅ’ বাহনত ওঠাই নিছিল ব্যৱসায়ীজনক।

মুক্তিপনৰ নামত ভাস্কৰ মেধীৰ পৰিয়াক দাবী কৰিছিল ২ লাখ টকা।

বিৰুবাৰী আৰক্ষীয়ে চাংসাৰিৰ এক গোপন স্থানৰ পৰা উদ্ধাৰ কৰে ব্যৱসায়ী গৰাকীক।

লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অপহৰণকাৰী ইফটিকাৰ হুছেইন আৰু চাহাব আলীক।

অপহৰণত ব্যৱহাৰ কৰা বাহনখন আৰু ম’বাইল ফোন জব্দ কৰে আৰক্ষীয়ে।

Related Articles