গোগামুখত বৰ্ণাঢ্য কাৰ্যসূচীৰে ‘কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ-অসম’ৰ গৌৰৱোজ্জ্বল ষষ্ঠ বৰ্ষপূৰ্তি সমাৰোহ সম্পন্ন; স্মৃতিগ্ৰন্থ ‘নৱজাগৰণ’ উন্মোচন

অসমৰ অন্যতম ভূমিপুত্ৰ কৈৱৰ্ত জনগোষ্ঠীৰ সমাজ জীৱনক বৌদ্ধিক, সাহিত্যিক আৰু প্ৰগতিশীল চিন্তা-চেতনাৰে সমৃদ্ধ কৰাৰ লগতে স্বজাতিৰ চহকী ইতিহাস-ঐতিহ্য সংৰক্ষণৰ লক্ষ্যৰে গঠিত ‘কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ-অসম’ৰ গৌৰৱোজ্জ্বল ষষ্ঠ বৰ্ষপূৰ্তি সমাৰোহখনি দেওবাৰে ধেমাজি জিলাৰ গোগামুখস্থিত টাবু ৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰালৰ প্ৰেক্ষাগৃহত দিনজোৰা বৰ্ণাঢ্য তথা গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে সফলতাৰে অনুষ্ঠিত হৈ যায়।


পুৱা অনুষ্ঠানৰ শুভ আৰম্ভণিতে কৈৱৰ্ত জাতিৰ বৰেণ্য তথা নমস্য পুৰোধা ব্যক্তিসকলৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাৰে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে লখিমপুৰ জিলাৰ বিশিষ্ট সমাজকৰ্মী, লেখক তথা ড° আম্বেদকাৰ সাহিত্য বঁটাপ্ৰাপ্ত চন্দ্ৰ নাথ দাসে। তেখেতক এই পৱিত্ৰ কাৰ্যসূচীত আন্তৰিক সহযোগিতা আগবঢ়ায় ঢকুৱাখনাৰ বিশিষ্ট সমাজসেৱিকা তথা শিল্পী মিনু দাসে। বঠাদৈ গাঁৱৰ যুৱতীসকলে পৰিৱেশন কৰা এক সুললিত সমবেত সংগীতেৰে মূল অনুষ্ঠানভাগিৰ দুৱাৰ মুকলি কৰা হয়। ধেমাজিৰ বিশিষ্ট যুৱ সমাজকৰ্মী অমিত দাসে সুদক্ষভাৱে আঁত ধৰা তথা বিশিষ্ট কবি, লেখক আৰু সমাজকৰ্মী ভুৱন দাসৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ মুকলি সভাখনত সমাজ, সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰলৈ নিৰৱচ্ছিন্ন অৱদান আগবঢ়োৱা ভালেকেইগৰাকী বৰেণ্য ব্যক্তিক মঞ্চৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাৰ সভাপতিৰ আসনৰ পৰা ভুৱন দাসে কৈৱৰ্ত সমাজৰ বৌদ্ধিক উত্তৰণ আৰু নৱপ্ৰজন্মৰ মাজত সাহিত্য চৰ্চাৰ গুৰুত্ব সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰে।


উক্ত সমাৰোহৰে এক অন্যতম উল্লেখযোগ্য কাৰ্যসূচী হিচাপে ষষ্ঠ বৰ্ষপূৰ্তি উপলক্ষে প্ৰকাশ কৰি উলিওৱা মুখপত্ৰ তথা স্মৃতিগ্ৰন্থ ‘নৱজাগৰণ’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা যমুনামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত দাসে। স্মৃতিগ্ৰন্থখনি উন্মোচন কৰি ড° দাসে নিজৰ সাৰুৱা ভাষণত এনে গ্ৰন্থই সমাজৰ বৌদ্ধিক দিশটোক শক্তিশালী কৰাৰ লগতে নতুন লেখক সৃষ্টিত বিশেষ অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে। ইয়াৰ উপৰি অনুষ্ঠানত কৈৱৰ্তসকলৰ স্বকীয় সাংস্কৃতিক ঐতিহ্য বহনকাৰী গামোচাৰ এক বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি বিশিষ্ট লেখক, অন্বেষক, ভ্ৰমণকাৰী তথা সাহিত্য সংগঠক লক্ষীনন্দন বৰগোহাঞিয়ে কৈৱৰ্ত জনগোষ্ঠীৰ লোক-সংস্কৃতি আৰু বস্ত্ৰশিল্পৰ স্বকীয় বৈশিষ্ট্যৰ ভূয়সী প্ৰশংসা কৰে। এই সভাতে উপস্থিত থাকে দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়াৰ লগতে বিশিষ্ট নিৱন্ধকাৰ তথা গল্পকাৰ নৱজ্যোতি বৰা । সভাত ভাষণ প্ৰসঙ্গত ডিম্পুল চুতীয়াই কয় এটা জাতিৰ যদি লক্ষ্য উদ্দেশ্য সঠিক হয় তেতিয়া হ’লে কৈৱৰ্ত জাতিৰ গামোচাখনে এদিন জি’আ টেগ পাবলৈ সক্ষম হবয়েই।


দিনজোৰা কাৰ্যসূচীত যুৱ বক্তা প্ৰাঞ্জল দাস আৰু কুশল কৈৱৰ্তই প্ৰদান কৰা চিন্তাগধুৰ তথা উদ্দীপনামূলক বক্তব্যই উপস্থিত ৰাইজৰ মনত নৱচেতনাৰ সঞ্চাৰ কৰে। আনহাতে, ঘিলামৰা পাৰঘাট কৈৱৰ্ত গাঁৱৰ মহিলাসকলৰ দ্বাৰা পৰিৱেশিত পৰম্পৰাগত দিহানামে সমগ্ৰ প্ৰেক্ষাগৃহত এক আধ্যাত্মিক আৰু ভক্তিৰসপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ হিচাপে অনুষ্ঠিত কবিতা পাঠৰ আসৰখনি ন-পুৰণি কবিসকলৰ স্বৰচিত কবিতাৰে জীপাল হৈ উঠে। বিশেষকৈ বিশিষ্ট কবি ভুৱন দাস, ড° নিৰঞ্জন দাস, পৰমানন্দ দাস, কুশল দাসৰ লগতে প্ৰতিশ্ৰুতিসম্পন্ন যুৱ কবি প্ৰজেছ দাস, অনিল দাস আৰু পাহাৰী দাসৰ মনপৰশা কবিতা পাঠে উপস্থিত শ্ৰোতাসকলক মন্ত্ৰমুগ্ধ কৰি তোলে।
অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধি সমন্বিতে শতাধিক গুণী-জ্ঞানী ব্যক্তি, কবি-সাহিত্যিক, সমাজকৰ্মী, সাংস্কৃতিক কৰ্মী আৰু সাংবাদিকৰ উপস্থিতিয়ে এই বৰ্ষপূৰ্তি সমাৰোহৰ শোভাবৰ্ধন কৰে। দিনজোৰা সফল কাৰ্যসূচীৰ অন্তত সন্ধিয়া ৪ বজাত সমূহীয়াভাৱে পৰিৱেশিত অসম সংগীতৰ মাধ্যমেৰে ‘কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ-অসম’ৰ গৌৰৱোজ্জ্বল ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানভাগিৰ সফল সামৰণি পৰে।

Related Articles