গোসাঁইগাঁৱত আৰক্ষী অভিযানত অস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

গোসাঁইগাঁৱত আৰক্ষী অভিযানত অস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ।

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মতিঝোৰা (চিলাইমাথা) ঘন জংঘলত গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীৰ অভিযানত এটা মেগজিনৰ লগতে এটা ৭.৬৫ এমএম কাৰখানাত নিৰ্মিত পিষ্টল,৭.৬৫ এমএমৰ এটা গুলী, এটা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (IED), যাৰ ওজন প্ৰায় ৬.৪ কিলোগ্ৰাম, প্ৰায় ৬.৪ কিলোগ্ৰাম সন্দেহযুক্ত (TNT )(উচ্চ বিস্ফোৰক), ১০ টা ইলেক্ট্ৰনিক ডিটনেটৰ, ছয় যোৰ সামৰিক পোছাক।

সেই সন্দৰ্ভত গোসাইগাঁও আৰক্ষী থানাত ২৫৮/২০২৬  নম্বৰ গোচৰ ভিত্তিত আৰক্ষীয়ে আৰু তদন্ত অব্যাহত ৰাখিছে।

Related Articles