নলবাৰী জিলাৰ আদাবাৰীস্থিত ঐতিহাসিক বাঘেশ্বৰী দেৱালয়ত উদযাপিত দুৰ্গা পূজাৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় ‘বাঘেশ্বৰী’ শীৰ্ষক বার্ষিক মুখপত্ৰ। পূব বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গোৎসৱ কমিটিৰ ৩৫ সংখ্যক ‘বাঘেশ্বৰী’ মুখপত্ৰখন উন্মোচন কৰে গুৱাহাটীস্থিত কে চি দাস মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ বিপুল কলিতাই। দুৰ্গোৎসৱ কমিটিৰ সভাপতি বিপুল চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিগন্ত কলিতা, দুৰ্গোৎসৱ কমিটিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ কলিতা, উপ সভাপতি বৈকুণ্ঠ ঠাকুৰীয়া, সম্পাদক বিশ্বজিৎ ঠাকুৰীয়া, উপদেষ্টা পদ্মধৰ হালৈ, মহেন্দ্ৰ কলিতা, থিয়েটাৰ বিভাগৰ সভাপতি বসন্তৰাম ঠাকুৰীয়াকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি। ভাষণ প্রসঙ্গত উন্মোচক ডঃ কলিতাই একোটা অনুষ্ঠানৰ ইতিহাস, ঐতিহ্য সংৰক্ষণত মুখপত্ৰ এখনৰ গুৰুত্ব, তাৎপৰ্যৰ বিষয়ে আলোচনা আগবঢ়ায়।
‘বাঘেশ্বৰী’ৰ সম্পাদক চিন্টু কলিতাই আঁত ধৰা অনুষ্ঠানটিত আলোচনী বিভাগৰ সভাপতি অমূল্য ঠাকুৰীয়া, তত্ত্বাৱধায়ক বীৰেন চন্দ্ৰ ডেকা,
সহকাৰী সম্পাদক শৈলেন কলিতা, সদস্য দিপুমণি ঠাকুৰীয়াকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। মুখপত্ৰ উন্মোচনৰ সমান্তৰালভাৱে বাঘেশ্বৰী দেৱালয়ৰ প্ৰাংগণত নাগাৰা নাম উদ্বোধন কৰে ‘অসমীয়া প্রতিদিন’ৰ জ্যেষ্ঠ সাংবাদিক ডঃ বনজিৎ ঠাকুৰীয়াই। অনুষ্ঠানত ডঃ ঠাকুৰীয়াক বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰা হয়। কামৰূপৰ বিশিষ্ট নাগাৰা নামৰ শিল্পী সুৰেন মোহন পাঠকে পৰিৱেশন কৰে নাগাৰা নাম।
ভাষণ প্রসঙ্গত ড° ঠাকুৰীয়াই অসমৰ শক্তি পূজাৰ ইতিহাসৰ এক সংক্ষিপ্ত বিৱৰণ দাঙি ধৰি বাঘেশ্বৰী দেৱালয়ৰ ইতিহাস, ঐতিহ্য, মাহাত্ম্যৰ বৰ্ণনা কৰে। আৰ্য-অনাৰ্যৰ মিলন ভূমি অসমত শাক্ত আৰাধনাৰ এক ব্যতিক্ৰমী ৰূপ কিদৰে প্ৰবাহিত হৈ আছে,তাক তেওঁ বিশ্লেষণ কৰে। বহিৰাগত আগ্ৰাসনৰ সংকটৰ মাজত অসমীয়া জাতিয়ে কিদৰে শাক্ত, শৈৱ, বৈষ্ণৱ পৰম্পৰাক সমান্তৰালভাৱে আগুৱাই নিছে, তাৰ তথ্যগত কিছু দিশ তেওঁ বিশ্লেষণ কৰি দেখুৱাই। দুৰ্গোৎসৱ কমিটিৰ সহকাৰী সম্পাদক ৰিতু কলিতাৰ শলাগৰ শৰাইৰে সামৰণি পৰা অনুষ্ঠানটোত পূব বৰক্ষেত্ৰী অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনোৱা হয়।

