নাৰায়ণপুৰত সদৌ অসম ভিত্তিত প্ৰাইজমানি নৈশ ফুটবল প্ৰতিযোগিতা

নাৰায়ণপুৰত সদৌ অসম ভিত্তিত প্ৰাইজমানি নৈশ ফুটবল প্ৰতিযোগিতা। মুকালমুৱা ফুটবল ক্লাৱৰ উদ্যোগত আৰু নাৰায়ণপুৰ ক্ৰীড়া সংঘৰ সহযোগত অহা ২৫ অক্টোবৰত বৰক্ষেত্ৰী মিনি ষ্টেডিয়ামত প্ৰয়াত ধনোৰাম কলিতা আৰু যোগেন্দ্ৰ নাথ মেধি সোঁৱৰণী প্ৰাইজমানী নৈশ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

অসমৰ ১২ টা দলে অংশ লোৱা প্ৰতিযোগিতাখনৰ উদ্বোধন কৰিব বিধায়ক নাৰায়ণ ডেকাই। ৰাতিপুৱা ১০ বজাত স্বচ্ছ অভিযান, সন্ধিয়া ৬.৩০ বজাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব হিতেশ ডেকাই। সন্ধিয়া ৭.৩০ বজাত উদ্বোধনী খেলত বৃহত্তৰ নাৰায়ণপুৰ বনাম লছিমা নৱজ্যোতি মুখামুখি হ’ব।

Related Articles