ঊষা মংগেশকাৰলৈ ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা

২৯নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।

উক্ত অনুষ্ঠানত যশস্বী শিল্পী ঊষা মংগেশকাৰক প্ৰদান কৰা হ’ব ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিল্পীগৰাকীক প্ৰদান কৰিব এই বঁটা।

ডঃ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটাত থাকিব নগদ ১০ লাখ টকা আৰু প্ৰশস্তি পত্ৰ।

প্ৰতি ৩বছৰৰ মূৰে মূৰে প্ৰদান কৰা হ’ব ডঃ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা।

শুক্ৰবাৰে কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত এই কথা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles