কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত কচুগাঁৱত আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত হাতীৰ দাঁতসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন দুজন হৈছে ৰাইমনা অঞ্চলৰ সত্যম নাৰ্জাৰী আৰু কচুগাঁৱৰ ৰূপম বসুমতাৰী।
আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা এটা হাতীৰ দাঁত উদ্ধাৰ কৰে।
লগতে অধিক তথ্য উদ্ঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে।
প্ৰাথমিকভাৱে দুয়োজন চোৰাং চিকাৰ চক্ৰৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

