ৰাজকীয় আয়োজনেৰে গোসাঁইগাঁও মহকুমাৰ কচুগাঁৱত আজি উদ্যাপন হ’ল ঐতিহাসিক আদিবাসী শান্তি চুক্তিৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান৷আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উদ্যোগত কচুগাঁও পাব্লিক হাইস্কুলৰ ইউ এন বি খেলপথাৰত আয়োজিত বিশাল জনসভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অবৰ্তমানত বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত হৈ আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিটিচি পৰিষদীয় চৰকাৰে সদায়ে সহমত প্ৰদৰ্শন কৰি আহিছে বুলি উল্লেখ কৰি বন্য অধ্যুষিত এলেকাত বসবাস কৰা জনজাতি লোকৰ দৰেই সংৰক্ষিত জনগোষ্ঠীৰ লোকক ভাৰতীয় সংবিধানে একেই সাংবিধানিক অধিকাৰ প্ৰদান কৰিছে৷তেখেতে আৰু কয়, বিটিচিত বন্য অধ্যুষিত এলেকাৰ ভিতৰত বসবাস কৰা অধিকাংশই হৈছে বড়ো আৰু আদিবাসী জনগোষ্ঠীৰ লোক৷জনজাতি লোকৰ দৰেই সংৰক্ষিত জনগোষ্ঠী গোৰ্খা, গাৰো, ৰাভা আদি জনগোষ্ঠীৰ লোকৰ সমানে অধিকাৰ আছে৷গতিকে ফৰেষ্ট এলেকাত বসবাস কৰা লোকসকলৰ ক্ষেত্ৰত থকা উটিলতা আঁতৰাই বিটিচিৰ ভুমিনীতিৰ ফৰেষ্টৰ পৰা ৰাজহ গাঁৱলৈ পৰিবৰ্তন কৰি অচিৰেই মাটি পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷তেতিয়া কোনো সমস্যা নাথাকিব৷তেখেতে আৰু কয়, বিগত নিৰ্বাচনত যেনেদৰে মৰম কৰিছে, তেনেদৰে পৰিষদীয় চৰকাৰে ঠিক তেনেদৰে মৰম হিচাপে কাম কৰি যাব৷আমাক লাগে ঐক্য, শান্তি আৰু উন্নয়ন৷শান্তি থাকিলে সকলো সম্ভৱ হৈ উঠিব৷বিটিচি অঞ্চলত ঐক্য, শান্তি প্ৰতিষ্ঠা আৰু উন্নয়নৰ দায়িত্ব চৰকাৰৰ৷এই ক্ষেত্ৰত আদিবাসী জনগোষ্ঠীৰ উন্নয়ন আৰু আদিবাসী শান্তি চুক্তিৰ সকলো দফাৰ সফল ৰূপায়নৰ বাব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত বহিব বুলিও বিশাল জনসমাবেশত আশ্বাস দিয়ে৷
আনহাতে ডিমা-হাছাও স্বায়ত্ত্বশাসিত পৰিষদৰ অন্যতম চুক্তি স্বাক্ষৰকাৰী দিলীপ নুনিছাই জনসভাত উপস্থিত হৈ
কয়, অসমত বসবাস কৰা সৰু-সৰু জাতি জনগোষ্ঠীৰ ভাষা, কৃষ্টি-সংস্কৃতি, উন্নয়ন, অৰ্থনৈতিক আদিৰ সাংবিধানিক সুৰক্ষাৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছিল৷অসমৰ আদিবাসী জনগোষ্ঠীৰ দৰেই বড়ো সহ কাৰ্বি, ৰাভা আদি জনগোষ্ঠীৰ লোকে আন্দোলনৰ জৰিয়তে উন্নয়নৰ দিশত বহুদূৰ আগবাঢ়ি যাবলৈ সক্ষম হৈছে৷একেদৰে ডিমাছা সকলে শান্তি চুক্তিৰ জৰিয়তে নিজৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পন্থা অৱলম্বন কৰিছে৷তেনেদৰে আদিবাসী সকলেও নিজৰ এলেকাত স্কুল কলেজ আদি স্থাপন কৰি আদৰ্শ দাঙি ধৰে৷মানৱ সম্পদ সৃষ্টি ক্ষেত্ৰত আগভাগ ললে অদুৰ ভৱিষ্যতে আদিবাসী সমাজে বিশ্বত নিজৰ চিকানী দাঙি ধৰিবলৈ সক্ষম হ’ব৷তেখেতে কয়, এটা সময়ত বহু সম্পদ আৰু জীৱন ধ্বংস হৈছিল, পিছত শান্তি আহিলে উন্নতি হ’ব৷কিন্তু যি সকলে ভূল পথত যায়, সেই সকলক ক্ষমতা দিব নালাগে বুলিও তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়৷
একেদৰে বিধায়কদ্বয় ক্ৰমে ৰবিৰাম নাৰ্জাৰী আৰু শোভাৰাম বসুমতাৰীয়ে আদিবাসী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ পটভূমিত, সাংবিধানিক ৰক্ষাকৱজ আৰু আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠনৰ জৰিয়তে জনগোষ্ঠীৰ বিকাশৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়৷আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপ সভাপতি সুভাষ তিৰ্কীয়ে আদৰণি ভাষণ দিয়া বিশাল জনসভাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাছদাই
ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু আদিবাসী সংগঠনৰ সৈতে স্বাক্ষৰিত হোৱা ঐতিহাসিক আদিবাসী শান্তি চুক্তিৰ জৰিয়তে আদিবাসী সকলে কিছু পৰিমাণে হলেও ৰাজনৈতিক ক্ষমতা আৰু অধিকাৰ পাবলৈ সক্ষম হৈছে বুলি বক্তব্য আগবঢ়াই কয়, শান্তি চুক্তিৰ মূল দফাৰ ভিতৰত আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণ অলপ পলম হলেও পাব৷চুক্তিৰ আধাৰত ৰাজ্য চৰকাৰৰ পাঁচশ আৰু কেন্দ্ৰীয় চৰকাৰৰ পাঁচশ কোটি টকাৰ তীলকা মাঝিৰ নামত অডিটৰিয়াম নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ লগতে শ্ৰীৰামপুৰত তিনি কোটি টকাৰ ষ্টেডিয়াম নিৰ্মাণ আৰম্ভ হ’ব৷ইয়াৰ ভিতৰত বিটিচি পৰিষদীয় চৰকাৰে ভুমিৰ ক্ষেত্ৰত সহায় সহযোগ কৰাত উন্নয়ন দ্ৰুতগতিত সম্ভৱ হৈ উঠি আছে৷ইতিপূৰ্বে বিটিচি এলেকাৰ বিভিন্ন এলেকাত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকক মাট পট্টা প্ৰদান কৰিছে৷এইবাৰত ফৰেষ্ট এলেকাত ভুমিৰ সমস্যা সমাধান কৰি দিব৷কিন্তু আপোনালোকে ইউৰিয়া দিয়া মদ পান নকৰিব৷গোটেই হিন্দু সম্প্ৰদায়ৰ লোকে মদ পান কৰি অকালতে মৃত্যু হোৱা মহিলা সকলৰ অৱস্থা বেয়া হৈছে৷ছাত্ৰছাত্ৰী সকলে ভালদৰে লিখা- পঢ়া কৰিব লাগে৷চাকৰি, কৃষি আৰু ব্যৱসায়ত মনোযোগ দি ধনী হ’ব লাগে৷
আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ ৰাজনৈতিক উপদেষ্টা প্ৰিয়াংকু প্ৰতীম দাসে পৰিচালনা কৰা আদিবাসী শান্তি চুক্তিৰ বিশাল গণসমাবেশত অধ্যক্ষ অসীম হাছদা আৰু বিটিচি পাৰিষদ উইলছন হাছদাই ভাষণ দিয়ে৷অনুষ্ঠানত লেবাৰ পাৰ্টিৰ সভাপতি বীৰেন মিৰ্ধা, বিধায়ক ৰূপম চন্দ্ৰ ৰায়, কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী, মৃত্যুঞ্জয় নাৰ্জাৰী, আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য সকল, বিভিন্ন সংগঠনৰ নেতৃবৃন্দৰ উপৰি কেইবা সহস্ৰাধিক লোকে শান্তি চুক্তি দিৱসত উপস্থিত থাকে৷অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীয় নৃত্য গীত পৰিবেশন কৰা হয়৷আদিতে পতাকা উত্তোলন আৰু শ্বহীদ সকলৰ স্মৃতিত শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় অভ্যৰ্থনা সমিতিৰ সভাপতি তথা আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ ই এম ছিনেছ হেমব্ৰম।
গোসাঁইগাঁৱৰ কচুগাঁৱত ঐতিহাসিক আদিবাসী শান্তি চুক্তি দিৱসৰ চতুৰ্থ বাৰ্ষিকী, ২০২৬ উদযাপন

